অসম

assam

By

Published : Jun 27, 2020, 11:11 AM IST

ETV Bharat / state

লক ডাউনঃ বিশ্বনাথত কঠোৰ আৰক্ষী প্ৰশাসন

গাঁও অঞ্চলত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ আনহাতে গাঁও অঞ্চলত লক ডাউন ঘোষণা কৰা নাই যদিও সম্পূৰ্ণ লক ডাউন বাহাল থাকিব নগৰ-চহৰত ।

লক ডাউনঃ বিশ্বনাথত কঠোৰ আৰক্ষী প্ৰশাসন
লক ডাউনঃ বিশ্বনাথত কঠোৰ আৰক্ষী প্ৰশাসন

বিশ্বনাথ, 27 জুনঃ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ক্ৰমান্বয়ে বৃদ্ধি পাইছে বিশ্বনাথ জিলাতো ত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে শনি আৰু দেওবাৰ দুটা দিনৰ বাবে অসম চৰকাৰে পৌৰসভাৰ অধিনৰ নগৰ আৰু চহৰ সমুহত লক ডাউন ঘোষণা কৰিছে ।

বিশ্বনাথত কঠোৰ আৰক্ষী প্ৰশাসন
অসম চৰকাৰে ঘোষণা কৰা এই লকডাউন শনিবাৰৰ পৰা দেওবাৰে নিশা 12 বজা পৰ্যন্ত বাহাল থাকিব ৷ আনহাতে চহৰ আৰু নগৰৰ ক্ষেত্ৰত এই লক ডাউন পৃথক হ'ব ৷ বিপৰীতে গাঁও অঞ্চলত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে ৷ আনহাতে গাঁও অঞ্চলত লক ডাউন ঘোষণা কৰা নাই যদিও সম্পূৰ্ণ লক ডাউন বাহাল থাকিব নগৰ-চহৰত ।
সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে

ইফালে শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা লক ডাউনত তৎপৰ হৈ পৰিছে বিশ্বনাথ আৰক্ষী। পুৱা ৭ বজাৰ পৰাই বিশ্বনাথ চাৰিআলি নগৰ যান বাহন আৰক্ষীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা প্ৰতিখন গাড়ী নথিপত্ৰ চাই জৰুৰীকালীন সেৱাৰ কিছু লোকক যাবলৈ দিয়াৰ বিপৰীতে অনাহকত যাতে কোনো লোক ওলাই নাহে তাৰ বাবে সষ্টম হৈ পৰিছে ৷ সমান্তৰালভাৱে বিশ্বনাথ নগৰৰ দোকান পোহাৰো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ।

লগতে চাওকঃ বানে বুৰালে টিহুৰ বিস্তীৰ্ণ অঞ্চল: নীৰৱ প্ৰশাসন

ABOUT THE AUTHOR

...view details