অসম

assam

ETV Bharat / state

কৰ্মহীন লোকক কৰ্ম সংস্থাপনৰ দাবী: খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক

লক ডাউনত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষতি পূৰণ দিয়াৰ বাবে দাবী জনাই বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে ৷ আনহাতে,বহি:ৰাজ্যত কৰ্মহীন হৈ পৰা লোকসকলক নিজ ৰাজ্যত কৰ্মত নিয়োজিত কৰিবলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান বিশ্বনাথ খণ্ড উন্নয়ন বিষয়াক ৷

By

Published : Jun 1, 2020, 6:09 PM IST

Biswanath district‌ Congress committee appeal to assam goverment
কৰ্মহীন লোকক কৰ্ম সংস্থাপনৰ দাবী: খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক

বিশ্বনাথ, 1 জুন : লক্ ডাউন সময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ জনতাৰ বাবে কিছুমান আঁচনি ঘোষণা কৰিছে যদিও সেই আঁচনি সমূহ দৰিদ্ৰ জনতাই লাভ নকৰাৰ অভিযোগ বিৰোধী দল কংগ্ৰেছৰ ৷ এই সময়ছোৱাত একাংশ বিজেপি নেতা-পালিনেতাই নিজৰ ব্যক্তিগত মুনাফা আদায় কৰাৰ ব্যস্ত হৈ পৰাৰ অভিযোগ উখাপন কৰে বিশ্বনাথ জিলাৰ কংগ্ৰেছৰ নেতা অঞ্জন বৰাই ৷

কৰ্মহীন লোকক কৰ্ম সংস্থাপনৰ দাবী: খণ্ড উন্নয়ন বিষয়ালৈ স্মাৰক

তেওঁ আকৌ জনাই যে,কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা বিভিন্ন পেকেজ সমুহ আজিও গাঁৱৰ জনসাধাৰণে লাভ নকৰা অভিযোগ উত্থাপিত কৰিছে নেতা গৰাকীয়ে ৷ ইফালে,এই লক ডাউনৰ সময়ত বিশেষকৈ মধ্যভোগী ব্যৱসায়,চাহ হোটেল,কাপোৰ দোকানী,পাণ-তামোলৰ দোকানী,চিলাই মেচিন ব্যৱসায়,মোবাইল দোকানী, চাইকেল দোকানী,ব্ৰয়লাৰ ব্যৱসায়ী,মাছ ব্যৱসায়ী,শাক পাচলি ব্যৱসায়ী,বিউটি পাৰ্লি,চেলুনৰ লগতে কৃষকৰ অধিক ক্ষতি হৈছে ৷ এই লোক সকলক শীঘ্ৰে চৰকাৰে উপযুক্ত ক্ষতি পূৰণৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছ কমিতিৰ সদস্য সকলে ।

আনহাতে, লক ডাউনৰ বাবে বহি:ৰাজ্যত কৰ্মৰত লোকসকলক চৰকাৰে বিশেষ আঁচনিৰ জৰিয়তে নিজ ৰাজ্যত বিভিন্ন কৰ্মত নিয়োজিত কৰিবলৈ সোমবাৰে বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ অধিনৰ ৭ মণ্ডল কমিতিয়ে বিশ্বনাথ খণ্ড উন্নয়ন বিষয়ালৈ এখন দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : হাজোৰ ৰামদিয়াত শিপিনিৰ মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details