অসম

assam

ETV Bharat / state

বিহালীত 'কা' আন্দোলনৰ নিৰ্যাতিতক সম্বৰ্ধনা - বিহালী মহাবিদ্যালয়

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বিহালী বিধানসভা সমষ্টিত নিৰ্যাতিত চাৰিজন যুৱক আৰু তেওঁলোকৰ পিতৃ মাতৃক সোমবাৰে 'কা' বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ অসমৰ অন্যতম আহ্বায়ক তথা চিপিআই(এম এল) নেতা বিবেক দাসে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ৷

Biswanath District Bihali Cpiml ledar Felicitation in Caa Protesters
বিহালীত 'কা' আন্দোলনৰ নিৰ্যাতিতাক সম্বৰ্ধনা

By

Published : Dec 14, 2020, 10:12 PM IST

বিশ্বনাথ, 14 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বিহালী বিধানসভা সমষ্টিত নিৰ্যাতিত চাৰিজন যুৱক আৰু তেওঁলোকৰ পিতৃ-মাতৃক সোমবাৰে 'কা' বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ অসমৰ অন্যতম আহ্বায়ক তথা চিপিআই(এম এল) নেতা বিবেক দাসে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

বিহালীত 'কা' আন্দোলনৰ নিৰ্যাতিতাক সম্বৰ্ধনা

উল্লেখযোগ্য যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব সংশোধনী আইন জাপি দি অসমত হিন্দু বাংলাদেশী সংস্থাপন দিয়াৰ সিদ্ধান্তক বিৰোধিতা কৰি অসমত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিল । সেই সময়তে বিজেপিকে ধৰি চৰকাৰৰ অংশীদাৰ দল সমূহৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে বিহালী সমষ্টিটো বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছিল । এই আন্দোলনৰ পোতক তুলিবলৈ মন্ত্ৰী ৰঞ্জিত দত্তৰ হস্তক্ষেপত আৰক্ষীয়ে বিহালীৰ 9 জন যুৱকক গ্ৰেপ্তাৰ কৰিছিল ।

বিহালীত 'কা' আন্দোলনৰ নিৰ্যাতিতাক সম্বৰ্ধনা

লগতে পঢ়ক :চিৰিইউএছএক্সএমৰ বাবে নেক্সট জেন চেটেলাইট প্ৰক্ষেপণ স্পেচ এক্সৰ

'কা' বিৰোধী সমন্বয়ৰক্ষী সমিতি অসমৰ আহ্বানত 12 ডিচেম্বৰত বিহালীৰ বৰগাঙত আয়োজন কৰা শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিনি গৰাকী যুৱকক সম্বৰ্ধনা জনোৱাৰ পিচত সেই কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে ঘৰে ঘৰে 'কা' বিৰোধী সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

বিহালীত 'কা' আন্দোলনৰ নিৰ্যাতিতাক সম্বৰ্ধনা

প্ৰথমে বিহালীৰ বিহমাৰীৰ নিৰ্যাতিত বিহালী মহাবিদ্যালয়ৰ ছাত্ৰ মুকুন্দ দাসৰ বাসগৃহলৈ গৈ স্থানীয় লোকৰ উপস্থিতিৰে মুকুন্দ দাস আৰু তেওঁৰ মাতৃ নিৰদা দাসক এখনি ফুলাম গামোচাৰে আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিচতে বতীয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নতুন ৰৌমাৰীত যুৱক গোবিন বৰা আৰু তেওঁৰ মাতৃ কেহদৈ বৰাক সম্বৰ্ধনা জনায় । একেদৰে, টেলেঙনীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পামবস্তিত জেহিদুল ইছলাম আৰু তেওঁৰ পিতৃ-মাতৃ জহোৰা খাতুন আৰু চহিদুল ইছলাম, জেহেৰুল আহমেদ আৰু তেওঁৰ মাতৃ জয়নবী খাতুনক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন নিখিল ভাৰত কৃষক সভাৰ

সম্বৰ্ধনা অনুষ্ঠানত বিবেক দাসে 'কা' আন্দোলনৰ শ্বহীদ সকলৰ লগতে নিৰ্যাতিত যুৱক সকলৰ ত্যাগৰ মূল্য দিবৰ বাবে 'কা' বাতিল নোহোৱালৈকে শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায় । লগতে, 2021 চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি উচিত প্ৰত্যুত্তৰ দিবৰ বাবে সকলোকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় ।

সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী প্ৰণিতা ৰায় ভূঞা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ নেতা জ্যোতি প্ৰকাশ বৰা, চিপিআই(এম এল) ৰ বিশ্বনাথ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক লীলা শৰ্মা, কৃষক মহাসভা অসমৰ নেতা নাৰায়ণ পৌড়েল আৰু ৰঞ্জিত দাসে কাৰ্যসূচী ৰূপায়নত সহযোগিতা কৰে ।

লগতে পঢ়ক :তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ অসম গণ পৰিষদ

ABOUT THE AUTHOR

...view details