অসম

assam

ETV Bharat / state

Eviction in Biswanath : বিশ্বনাথত প্ৰশাসনৰ উচ্ছেদ অভিযান - বিশ্বনাথত প্ৰশাসনৰ উচ্ছেদ অভিযান

বিগত কেইবামাহ ধৰি উচ্ছেদ অভিযানৰ নামত প্ৰশাসন আৰু বেদখলকাৰীৰ মাজত বাক-বিতণ্ডা আৰু সংঘৰ্ষ সৃষ্টি হোৱাj বাতৰিয়ে শিৰোনামা দখল কৰি থকাৰ সময়তে বিশ্বনাথত দেখা গ’ল এক বিপৰীত দৃশ্য ৷ বিশ্বনাথৰ পেটুলীবাৰীত কোনো ধৰণৰ আইন-শৃংখলাৰ অৱনতি নোহোৱাকৈয়ে বেদখলকাৰীৰ সহযোগত চলিল প্ৰশাসন উচ্ছেদ অভিযান(Eviction Drive at Biswanath) ৷ বেদখলকাৰী লোকসকলক পুনৰ সংস্থাপনৰ দাবী আমছু-নেমছুকে ধৰি ভিন্ন দল-সংগঠনৰ ৷

biswanath-district-administration-conducts-eviction-drive
বিশ্বনাথত বেদখকাৰীয়ে সহযোগ কৰিলে প্ৰশাসনৰ উচ্ছেদ অভিযানত

By

Published : Apr 2, 2022, 11:18 AM IST

বিশ্বনাথ, 2 এপ্ৰিল :বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত পেটুলিবাৰীত শুকুৰবাৰে জিলা প্ৰশাসনে চলায় উচ্ছেদ অভিযান । বিশ্বনাথ জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল লগত লৈ প্ৰায় 34 বিঘা একঠা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ কৰিবলৈ আহে(Illegal land grabbing in Biswanath) । পেটুলিবাৰী অঞ্চলত চৰকাৰী ভূমি বেদখল কৰা লোকসকলে বিশ্বনাথ জিলা প্ৰশাসনৰ এই অভিযানত স্বতঃস্ফূৰ্তভাৱে নিজ নিজ ঘৰ-দুৱাৰ ভাঙি সহযোগিতা আগবঢ়ায় ।

বিশ্বনাথত প্ৰশাসনৰ উচ্ছেদ অভিযান

এই উচ্ছেদ অভিযানত প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী জনাই বেদখলকাৰী লোকসকলৰ লগতে আমছু আৰু নেমছুৰ নেতা-কৰ্মীয়ে(Demanding for rehabilitation of evicted family) ৷ ইফালে উক্ত স্থানত নিদিৰ্ষ্ট কেইজনমান লোকৰ বিৰুদ্ধেহে প্ৰশাসনে অভিযান চলোৱাৰ অভিযোগ কৰে একাংশ উচ্ছেদিত লোকে ৷ অঞ্চলটোত 200 বিঘাতকৈ অধিক চৰকাৰী ভূমি বেদখলকাৰীৰ দখলৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাই আমছু, নেমছু তথা ৰাইজে ।

বান-খহনীয়াৰ কবলত পৰি বিভিন্ন স্থানৰ পৰা অহা এই লোকসকলক দালাল চক্ৰই এই ভূমি বিক্ৰী কৰাৰো অভিযোগ কৰিছে উচ্ছেদিত লোকসকলে ৷ চৰকাৰী ভূমি কিদৰে দালাল চক্ৰই বিক্ৰী কৰিবলৈ পালে, সেই সন্দৰ্ভত তদন্ত কৰি দালাল চক্ৰক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে উচ্ছেদিত লোকসকলৰ লগতে আমছু আৰু নেমছুৱে ।

লগতে পঢ়ক :Eviction Drive at Badarpur: কৰিমগঞ্জৰ বদৰপুৰত চলিল প্ৰশাসনৰ বুলড'জাৰ

ABOUT THE AUTHOR

...view details