বিশ্বনাথত চিনেমা হল বন্ধঃ চিনেমা চাবলৈ নাপাই খং বিশ্বনাথবাসীৰ - অসমীয়া চলচ্চিত্ৰ উদ্যোগ
বিশ্বনাথত দুটা পক্ষৰ মনোমালিন্যৰ বাবে বন্ধ হৈ আছে চিনেমা হল ৷ কাঞ্চনজংঘা , বুলবুল কেন ছিং চোৱাৰ পৰা বঞ্চিত বিশ্বনাথবাসী য়ে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷
বিশ্বনাথ, 22 ছেপ্টেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বাবে সুখবৰ ৷ সম্প্ৰতি মুক্তি পাইছে এখনৰ পিছত আন এখন সফল অসমীয়া ছবি ৷ শেহতীয়াকৈ কাঞ্চনজংঘা, বুলবুল কেন ছিঙে খলকনি তুলিছে অসমীয়া চলচ্চিত্ৰ উদ্যোগত ৷ কিন্তু ইয়াৰ পিছতো দুখী হৈ পৰিছে বিশ্বনাথবাসী কাৰণ অসমীয়া ছবি চোৱাৰ পৰা বঞ্চিত হৈ ৰৈছে বিশ্বনাথবাসী ৷ ১৯৩৫ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাতেই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মান কৰিছিল প্ৰথম অসমীয়া কথাছবি 'জয়মতী'। তেনে এক গৰিমাৰে মহিমামণ্ডিত বিশ্বনাথ জিলাবাসী কিন্ত এতিয়া বঞ্চিত হৈ পৰিছে চলচ্চিত্ৰ উপভোগৰ পৰা ।