অসম

assam

ETV Bharat / state

বিশ্বনাথৰ উপায়ুক্তৰ ফেচবুক পেজত হেকাৰৰ শেনচকু - ৰাজ্যৰ গৃহ সচিব

বিশ্বনাথৰ উপায়ুক্তৰ ফেচবুক পেজ হেক কৰি ধন বিচাৰি অনুৰোধ জনালে দুষ্ট চক্ৰই ৷ জিলা প্ৰশাসনে পোহৰলৈ আনি স্পষ্ট কৰিলে সমগ্ৰ ঘটনা ৷

biswanath dcs official facebook page hacked
বিশ্বনাথৰ উপায়ুক্তৰ ফেচবুক পেজত hackerৰ শেনচকু

By

Published : Jul 13, 2021, 10:31 PM IST

বিশ্বনাথ, 13 জুলাই : বিশ্বনাথ জিলাৰ উপায়ুক্তৰ অফিচিয়েল ফেচবুক পেজ(official facebook page)টো ক্লন(clone) কৰি এইবাৰ ৰাইজক দুৰ্বৃত্তই ধন বিচাৰি আবেদন কৰাৰ খবৰে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে সামাজিক মাধ্যম(social media)ত এই পেজ(page)টো পৰিচালনা কৰা কৰ্তৃপক্ষই বিষয়টো সদৰী কৰিছে । দুৰ্বৃত্তই কৌশলপূৰ্ণভাৱে চৰকাৰী নীতি নিৰ্দেশনা ঘোষণা কৰা এই ফেচবুক পেজটোৰ পৰা বহুসংখ্যকে ধন বিচাৰি অনুৰোধ প্ৰেৰণ কৰিছে ।

প্ৰথম অৱস্থাত এই ঘটনাই সকলোকে স্তম্ভিত কৰিলেও বিশ্বনাথ জিলা প্ৰশাসনে(Bishwanath district administration) সমগ্ৰ ঘটনাটো ৰাইজৰ দৃষ্টিগোচৰ কৰে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে, উপায়ুক্তৰ অফিছিয়েল পেজ(official page of DC)টো ক্লন কৰিহে অজ্ঞাত হেকাৰে(hacker) ধন বিচাৰি এনে আইনবিৰোধী কাৰ্যত লিপ্ত হৈছে । এই সংক্ৰান্তত ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত জিলা প্ৰশাসনে এক অভিযোগো দাখিল কৰিছে ৷

বিশ্বনাথৰ উপায়ুক্তৰ ফেচবুক পেজত hackerৰ শেনচকু

সমগ্ৰ ৰাজ্যতে এতিয়া এটা চক্ৰই প্ৰশাসনিক বিষয়া, জনপ্ৰিয় তাৰকা, প্ৰভাৱশালী ৰাইজনৈতিক নেতাৰ সামাজিক মাধ্যমৰ একাউন্ট(social media account) হেক(hack) কৰি লোক সকলৰ ভাৱমূৰ্তি ম্লান কৰা কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ, ৰাজ্যৰ গৃহ সচিব(home secretary) দিগন্ত বৰাৰ নামতো কোনো দুষ্ট চক্ৰই নকল একাউন্ট খোলাৰ কথাও বিষয়া গৰাকীয়ে সামাজিক মাধ্যম যোগে নিজেই অৱগত কৰিছিল ৷

লগতে পঢ়ক :ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

ABOUT THE AUTHOR

...view details