অসম

assam

ETV Bharat / state

সাংবাদিকৰে মত বিনিময় বিশ্বনাথৰ নৱ নিযুক্ত উপায়ুক্তৰ - বিশ্বনাথ জিলা

সমস্যা সমূহ একেবাৰে নোৱাৰিলেও লাহে লাহে সমাধান কৰিবলৈ জিলা প্ৰশাসনে চেষ্টা কৰিব বুলি উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ সন্মুখত প্ৰকাশ কৰে ৷

biswanath-dc-office-meeting
সাংবাদিকৰে মত বিনিময় বিশ্বনাথৰ নৱ নিযুক্ত উপায়ুক্তৰ

By

Published : Oct 9, 2020, 9:57 PM IST

বিশ্বনাথ, ৯ অক্টোবৰ: বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে বিশ্বনাথ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই জিলাখনৰ সাংবাদিক সকলৰ সৈতে মত বিনিময় কৰে।
উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সমস্যা সমূহ ওপৰত সাংবাদিক সকলৰ পৰা মতামত বিচৰা লগতে কি দৰে কাম কৰিলে জিলাখনৰ অধিক উন্নয়ন হ'ব তাৰ ওপৰতো সাংবাদিক সকলক মতামত দিবলৈ আহ্বান জনায় ।

সাংবাদিকৰে মত বিনিময় বিশ্বনাথৰ নৱ নিযুক্ত উপায়ুক্তৰ

ইফালে জিলাখনৰ সমস্যা সমূহ উপস্থাপন কৰে সাংবাদিক সকলৰ তৰফৰ পৰা । এই সমস্যা সমূহ একেবাৰে নোৱাৰিলেও লাহে লাহে সমাধান কৰিবলৈ জিলা প্ৰশাসনে চেষ্টা কৰিব বুলি উপায়ুক্ত গৰাকীয়ে সাংবাদিক সকলৰ সন্মুখত প্ৰকাশ কৰে ৷ আনহাতে জিলা খনৰ প্ৰতিটো উন্নয়ন মূলক কামত সাংবাদিক সকলৰ পৰামৰ্শ সহায় সহযোগিতা কামনা কৰে জিলা উপায়ুক্ত গৰাকীয়ে।
লগতে পঢ়ক : সোণাৰিত বুজন পৰিমাণৰ কানি জব্দ, আটক দুজন

ABOUT THE AUTHOR

...view details