বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত - BISWANATH COMMUNITY SPREAD
বিশ্বনাথ কোভিড-১৯ আক্ৰান্ত লোকক চিকিৎসাৰ বাবে কোভিড চিকিৎসালয়লৈ প্ৰেৰণ । আতংকিত বিশ্বনাথবাসী । কোনো সামাজিক দুৰত্ব নাই বিশ্বনাথত তীব্ৰ সমালোচনা সচেতন মহলৰ ৷
বিশ্বনাথত ১৪ জন একেলগে Covid 19ত আক্ৰান্ত
বিশ্বনাথ ৩০ জুনঃ অসমৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো তীব্ৰ গতিত বৃদ্ধি পাইছে কোভিড-১৯আক্ৰান্ত লোকৰ সংখ্যা । বিশ্বনাথ চাৰিআলি বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা লোকসকলৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পাছত শেহতীয়াকৈ Covid 19ত ১৪ জন লোক একেলগে আক্ৰান্ত হোৱা তথ্য পোহৰলৈ অহাত সোমবাৰৰ মাজনিশাৰ পৰাই হুৱা দুৱা লাগিছে বিশ্বনাথ চাৰিআলিত l