বিশ্বনাথ ২৩ জুলাই:বিশ্বনাথৰ কোৱাৰেন্টাইন চেন্টাৰত অঘটন । কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ক'ভিড আক্ৰান্ত ৰোগীৰ ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল লোকজন । পলায়ন কৰা ব্যক্তিজন পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ আলমিন শ্বেখ বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ২০ জুলাইত কলকাতাৰ পৰা দুজন সহযোগীৰ সৈতে আহিছিল ব্যক্তিজন । ব্যক্তিজনক স্বাৱ সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে প্ৰেৰণ কৰিছিল কোৱাৰেন্টাইন চেন্টাৰলৈ ৷ কিন্তু ব্যক্তিজন আজি ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছতেই কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা পলায়ন কৰে আলমিন শ্বেখ নামৰ ক'ভিড আক্ৰান্ত লোকজনে ৷
জানিব পৰা মতে, চতিয়া আৰক্ষী থানা অন্তৰ্গত উদয়পুৰৰ এটা ভাড়াঘৰত থাকি গাঁৱে-গাঁৱে দীৰ্ঘদিন ধৰি বস্তু বিক্ৰী কৰি আহিছিল লোকজনে । বুধবাৰে নিশা ক'ভিড পজিটিভ হোৱা খবৰটো ব্যক্তিজনে পোৱাৰ পিছতে পলায়ন কৰে কোৱাৰেণ্টাইন কেন্দ্ৰটোৰ পৰা ৷ গা ধুবলৈ বুলি ওলাই যোৱা লোকজন হঠাৎ অন্তৰ্ধান হোৱাত হাহাকাৰ লাগে কোৱাৰেণ্টাইন চেন্টাৰটোত পহৰা দিয়া দেহৰক্ষী আৰু দায়িত্ব থকা বিষয়াসকলৰ মাজত ।