অসম

assam

ETV Bharat / state

Microfinance loans : মাইক্ৰ’ ফাইনেন্সৰ ঋণ নিদিয়া মহিলালৈ আহিল আদালতৰ চমন - আদালতৰ ছমন

মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফক লৈ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি ! মাইক্ৰ’ ফাইনেন্সৰ পৰিশোধ নকৰা মহিলালৈ আহিল বিশ্বনাথ ন্যায়িক আদালতৰ চমন ৷ চিন্তিত এতিয়া ঋণ লোৱা মহিলাসকল ৷

Microfinance loans
মাইক্ৰ’ ফাইনেন্সৰ পৰিশোধ নকৰা মহিলালৈ আহিল বিশ্বনাথ ন্যায়িক আদালতৰ ছমন

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 1:58 PM IST

মাইক্ৰ’ ফাইনেন্সৰ পৰিশোধ নকৰা মহিলালৈ আহিল বিশ্বনাথ ন্যায়িক আদালতৰ ছমন

বিশ্বনাথ, ৯ ছেপ্টেম্বৰ :কিছু মাহৰ পূৰ্বে ৰাজ্যত মাইক্ৰ’ ফাইনেন্সত ঋণ লোৱা মহিলাসকলৰ মাজত সৃষ্টি হৈছিল এক হাহাকাৰ পৰিস্থিতি । আচলতে ঋণমাফ কৰিব নোৱাৰা একাংশ মহিলা ঘৰৰ পৰা লোণ দিয়া প্ৰতিষ্ঠানসমূহৰ এজেন্টে টিভিকে আদি কৰি ঘৰৰ বহু সামগ্ৰী লৈ গৈছিল । যাক লৈ ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

কিন্তু তাৰ মাজতে অসমৰ ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিছিল যে মাইক্ৰ’ ফাইনেন্সত ঋণ লোৱা মহিলাসকলৰ ঋণ চৰকাৰে মাফ কৰিব । অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমত প্ৰায় ২৪ লাখ মহিলাই এই ঋণ পৰা মুক্ত হ'ব ৷ এই লোণ চৰকাৰে পৰিশোধ কৰিব ৷ যাৰ ফলত একপ্ৰকাৰে ৰাজ্যৰ ২৪ লাখ মহিলাই ঋণৰ পৰা মুক্ত হ’ব ।

চৰকাৰে ৰাজ্যৰ প্ৰায় ২৪ লাখ মহিলা হিতাধিকাৰীক তালিকা প্ৰস্তুতৰ অন্তত ডাঙৰ ডাঙৰ সভা সমিতি আয়োজন কৰি প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ত বহু মহিলাৰ ঋণ মাফ কৰিবলৈ চেক প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমানো ৰাজ্যত মাইক্ৰ’ ফাইনেন্স পৰা ঋণ লোৱা বহু মহিলাৰ ঋণ মাফ কৰা নহ’ল ।

চৰকাৰে ঋণ মাফ কৰিব বুলি আশা পালি বিশ্বনাথ চাৰিআলি অসম অৰুণাচল সীমান্ত শামুকজুলিৰ গাঁৱৰ একাংশ মহিলাই মাহে মাহে দিয়া নাছিল মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৷ ফলত বন্ধন, আৰোহণকে ধৰি মাইক্ৰ' ফাইনেন্স পৰা ঋণ লোৱা শামুকজুলিৰ গাঁৱৰ একাংশ মহিলালৈ আহিল আদালতৰ চমন ৷ যাক লৈ এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ হৈছে এখন গাঁওখনত ।

উপায়ন্ত হৈ ভুক্তভোগী মহিলাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি ক’ত গ’ল, তেওঁ কিয় প্ৰতিশ্ৰুতি দিও পালন কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে, গাঁওখনৰ ভুক্তভোগী মহিলাসকলে কোনোপধ্যেই ঋণ দিবলৈ সক্ষম নহয় বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :Bihu Distortion in G20 Summit : বিশ্ব সমুদায়ৰ সন্মুখত বিহু নৃত্যৰ বিকৃতকৰণ, মৌন মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details