বিশ্বনাথ , 11 জানুৱাৰী :শনিবাৰে বিশ্বনাথত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । বিশ্বনাথত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি প্ৰজ্ঞান জ্যোতি শইকীয়াক বিশ্বনাথ আৰক্ষীয়ে শুকুৰবাৰে ষড়যন্ত্ৰমূলক ভাৱে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে ৷
বিশ্বনাথ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে জ্বলালে সৰ্বা-হিমন্তৰ প্ৰতিকৃতি
বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভা সভাপতি প্ৰজ্ঞান জ্যোতি শইকীয়াক মুক্তি দাবীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷ উল্লেখ্য যে, শুক্ৰবাৰে বিশ্বনাথ আৰক্ষীয়ে ইউনিফৰ্মতে ছাত্ৰ জনক আটক কৰি জে'ললৈ প্ৰেৰণ কৰিছিল ।
উল্লেখ্য যে, বিশ্বনাথ আৰক্ষীয়ে ইউনিফৰ্মতে ছাত্ৰ জনক আটক কৰি জে'ললৈ প্ৰেৰণ কৰিছিল । বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা সমদল কৰি বিজেপি চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ যেতিয়ালৈকে মহাবিদ্যালয়খনৰ ছাত্ৰএকতা সভাৰ সভাপতি প্ৰজ্ঞান জ্যোতি শইকীয়াক আৰক্ষীয়ে বিনাচৰ্তে মুকলি কৰি নিদিয়ে তেতিয়া লৈ এই প্ৰতিবাদ অব্যাহত থকাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখাৰ হুংকাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ ।
আৰু পঢ়ক :বিশ্বনাথত গছ কাটি বিপদত APDCLৰ বিষয়া