অসম

assam

ETV Bharat / state

বিহালীত আটক দুটাকৈ শিশু অপহৰণকাৰী - শিশু অপহৰণ

বিহালীত আটক হৈছে দুটাকৈ শিশু অপহৰণকাৰী ৷ স্থানীয় ৰাইজ আৰু বিহালী আৰক্ষীৰ সহযোগত শিশু সৰবৰাহকাৰী দুটাক কৰায়ত্ব কৰা হয় ৷

বিহালীত উৎখাত দুটাকৈ শিশু অপহৰণকাৰী
বিহালীত উৎখাত দুটাকৈ শিশু অপহৰণকাৰী

By

Published : May 7, 2021, 10:09 PM IST

বিশ্বনাথ,7মে':সমগ্ৰ ৰাজ্যৰ লগতে বিহালীতো অব্য়াহত আছে শিশু সৰবৰাহৰ দৰে ভয়াৱহ ঘটনা ৷ শুকুৰবাৰে তেনে এক ঘটনাৰে পম খেদি বিহালী আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত শিশু সৰবৰাহৰ লগত জড়িত এটা দলৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হয় ৷ পিছে এতিয়াও আৰক্ষীৰ হাতলৈ অহা নাই মূল অভিযুক্ত ৷ অসম অৰুণাচল সীমান্তৰ সোলেঙীৰ পৰা শিশু সৰবৰাহ কৰা চক্ৰটোক উৎখাত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

বিহালীত উৎখাত দুটাকৈ শিশু অপহৰণকাৰী

উল্লেখ্য যে, বিগত কেইবামাহ ধৰি অবিৰত ভাৱে বিহালী অঞ্চলৰ পৰা কেইবাটিও শিশু নিৰুদ্দেশ হৈ আছিল ৷ অঞ্চলটোৰ পৰা এনেদৰে শিশু নোহোৱা হৈ অহাৰ তথ্য পোৱাৰ পাছতে অধিক সষ্টম হৈ পৰিছিল বিহালী আৰক্ষী ৷ আৰক্ষীৰ অবিৰত তদন্তত অৱশেষত উদ্ধাৰ হয় দুটাকৈ শিশু সৰবৰাহকাৰী ৷ ধৃত এই শিশু সৰবৰাহকাৰী দুটা ক্ৰমে ইৰফান খান আৰু সুমন দাস বুলি জানিব পৰা গৈছে ৷ শিশু সৰবৰাহৰ লগত জড়িত এই অপৰাধী দুটাই বিগত বহুদিনৰ পৰাই বিহালী অঞ্চলৰ একাংশ শিশুক অপহৰণ কৰি চুবুৰীয়া ৰাজ্য অৰুণাচললৈ প্ৰেৰণ কৰি আহিছিল ৷ গহপুৰ সোলেঙীৰ এগৰাকী মহিলাৰ নেতৃত্বতেই এই অবৈধ বেহা চলাই যোৱাৰো এক অভিযোগ উত্থাপিত হৈছে ৷ বৰ্তমানলৈকে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য লাভ কৰা নাই যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

অন্য এক খবৰৰ বাবে: বিশ্বনাথত আৰম্ভ ক'ভিড ভেকচিন প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details