অসম

assam

ETV Bharat / state

বিশ্বনাথত ৰোজা ভাঙি ৰক্তদান হিন্দু মহিলাক - facebook post

এটা ফেচবুক প'ষ্টৰ যোগেদি ধৰ্মীয় অনুভূতিৰ উৰ্ধত মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ঢেকিয়াজুলিৰ মুন্না আনচাৰীয়ে ৷ মানৱতাৰ খাতিৰত ৰমজান মাহৰ ৰোজা ভাঙিবলৈ বাধ্য হোৱা মুন্নাই অৱশেষত তেজ দি ৰক্ষা কৰিলে হিন্দু মহিলাগৰাকীৰ প্ৰাণ ৷

বিশ্বনাথত ৰোজা ভাঙি ৰক্তদান হিন্দু মহিলাক

By

Published : May 13, 2019, 8:47 AM IST

বিশ্বনাথ,12মে': বিশ্বনাথত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন । মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে ৰোজা ভাঙি কৰিলে ৰক্তদান । ৰাজ্যত ধৰ্মৰ নামত সংঘাত অব্যাহত থকাৰ সময়তেই পুনৰ হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিলে ঢেকিয়াজুলিৰ মুন্না আনচাৰীয়ে ৷

বিশ্বনাথত ৰোজা ভাঙি ৰক্তদান হিন্দু মহিলাক

বিশ্বনাথৰ ইটাখোলাৰ ৰেবতি বৰা নামৰ মহিলা গৰাকী জটিল ৰোগত আক্ৰান্ত হোৱাৰ বাবে এসপ্তাহ পূৰ্বে ভৰ্তি কৰা হৈছিল বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৷ বিগত এসপ্তাহ ধৰি বি-নিগেটিভ (B-) তেজৰ অভাৱত মহিলা ৰাকীয়ে যুঁজি আছিল মৃত্যুৰ লগত ৷ অতিকৈ দুৰ্লভ বি-নিগেটিভ তেজ বিচাৰি পোৱা নাছিল পৰিয়ালে ৷ বিশ্বনাথৰ ৰক্তভাণ্ডাৰতো মজুত নাছিল বি-নিগেটিভ তেজ ৷ অৱশেষত দুৰ্ভগীয়া পৰীয়ালটোৰ এটা ফেচবুক প'ষ্টৰ যোগেদি ধৰ্মীয় অনুভূতিৰ উৰ্ধত মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ঢেকিয়াজুলিৰ মুন্না আনচাৰীয়ে ৷ মানৱতাৰ খাতিৰত ৰমজান মাহৰ ৰোজা ভাঙিবলৈ বাধ্য হোৱা মুন্নাই অৱশেষত তেজ দি ৰক্ষা কৰিলে হিন্দু মহিলাগৰাকীৰ প্ৰাণ ৷ আনহাতে মুছলমান সম্প্ৰদায়ৰ তেজৰে নিজৰ মাতৃৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হোৱা ৰেৱতি বৰাৰ পুত্ৰ অনিল বৰাই সাংবাদিকৰ সৈতে হোৱা মতবিনিময়ত আবেগ হৈ পৰে ৷

ABOUT THE AUTHOR

...view details