অসম

assam

ETV Bharat / state

ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল - বন ধ্বংসযজ্ঞ

গছ পুলি ৰোপণৰ নামত ধ্বংস লাখৰো অধিক গছ-পুলি

ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল

By

Published : Mar 31, 2019, 4:24 PM IST

বিশ্বনাথ,৩১ মাৰ্চঃবিশ্বনাথত এইবাৰচোৰাংচিকাৰীৰবিৰুদ্ধে নহয় স্বয়ং বন বিষয়াৰ বিৰুদ্ধে বনাঞ্চল ধ্বংসৰ অভিযোগ । বিশ্বনাথৰ বিহালীৰ একাংশ সাধাৰণ ৰাইজে অভিযোগ তৰিছে বনাঞ্চল বিষয়াৰ বিৰুদ্ধে ।

ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল
সাধাৰণ ৰাইজে দিয়া ভাষ্য অনুসৰি বিশ্বনাথত অবাধ হাৰত বন ধ্বংসযজ্ঞ চলিছে বনাঞ্চল বিষয়াৰ দ্বাৰা। গছ পুলি ৰোপণৰনামত লাখৰো অধিক গছ কাটি ধ্বংস কৰিছে বনাঞ্চল বিষয়াই ।
ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল
অভিযোগ অনুসৰি ,পূব শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ বৰগাং বনাঞ্চলিক অন্তৰ্গত শিয়ালমাৰি বন শিৱিৰৰ নিলগতে এজন বন বিষয়াৰ নিৰ্দেশত কটা হৈছে এই গছপুলিসমূহ। যি সময়ত চৰকাৰে গছ পুলি ৰোপণকৰিবলৈ কোটি কোটি টকা খৰছ কৰি বিভিন্ন আঁচনি হাতত লৈছে তেনে সময়তেই এজন বন বিষয়াৰ ওপৰত উঠা অভিযোগৰ এনে ঘটনাই চকুকপালত তুলিছেপ্ৰকৃতি প্ৰেমীৰ । বহু মূল্যৱান গছৰ লগতে গছ পুলি কটাৰ ফলত এই অঞ্চলত বন্যপ্ৰাণী থাকিবলৈ ঠাই নোহোৱা লগতে বন্যহস্তী অধিক সংকটৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰেসচেতন মহলে ।
ধ্বংসৰ গৰাহত বিহালীৰ বনাঞ্চল

ABOUT THE AUTHOR

...view details