অসম

assam

By

Published : Apr 23, 2021, 6:55 AM IST

ETV Bharat / state

বিশ্বনাথৰ ভিন্ন স্থানত ধোঁৱা চাঙত উঠিছে ক’ভিড নীতি

বিশ্বনাথ জিলাত কেইবাজনো লোকৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰাৰ পিচতো বাঘমৰী একাংশ ৰাইজ সচেতন হোৱা পৰিলক্ষিত হোৱা নাই । মাস্ক আৰু সামাজিক দূৰত্বৰ অবিহনে বাঘমৰী বজাৰত ঘূৰি আছে একাংশ লোক ৷ ইয়াৰ লগতে বিহালী প্ৰাথমিক চিকিৎসালয়ৰ ক'ভিড চেন্টাৰতো ক’ভিড প্ৰতিষেধক ল'বলৈ অহা একাংশ ব্যক্তিয়ে সামাজিক দূৰত্ব মানি নচলা দেখা গৈছে ।

মাস্ক অবিহনে বিশ্বনাথৰ বাঘমৰী দৈনিক বজাৰ
মাস্ক অবিহনে বিশ্বনাথৰ বাঘমৰী দৈনিক বজাৰ

বিশ্বনাথ, 23 এপ্ৰিল : মহামাৰী ক’ভিডৰ দ্বিতীয় ঢৌৱে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । কৰ’ণা সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে যদিও বিশ্বনাথৰ বাঘমৰী দৈনিক বজাৰত একাংশ ৰাইজ সচেতনতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই ৷ ৰাজ্যখনত ক'ভিডৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগতে বিশ্বনাথ জিলাতো বহুকেইজনৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰিছে ৷

তথাপিও বাঘমাৰীত একাংশ ৰাইজে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি মাস্ক অবিহনে দৈনিক বজাৰ খনত ঘূৰাৰ লগতে দৈনিক বজাৰত ব্যৱসায়ীয়ে সামগ্ৰী বিক্ৰী কৰাৰ বিপৰীতে গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিছে । দৈনিক বজাৰত অধিকাংশ লোকেই সামাজিক দূৰত্ব পালন কৰা নাই ৷ বাঘমৰী একাংশ ব্যৱসায়ীয়ে নিজৰ লাভৰ স্বাৰ্থত জলাঞ্জলি দিছে সামাজিক দূৰত্বৰ সকলো নীতি-নিয়ম । গুৰুত্ব নাই কৰ’ণাৰ দৰে মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি ।

ইয়াৰ লগতে বিহালীতো ধোঁৱাচাঙত উঠিছে সামাজিক দূৰত্ব । উল্লেখ্য যে, বিহালী প্ৰাথমিক চিকিৎসালয়ত ক'ভিড চেন্টাৰত ক’ভিডৰ প্ৰতিষেধক ল'বলৈ অহা ব্যক্তিয়ে মানি চলা নাই সামাজিক দূৰত্ব । কিন্তু বিহালী চিকিৎসালয় তৰফৰ পৰা বাৰম্বাৰ কোৱা পাছতো সামাজিক দূৰত্ব বজাই নৰখাত বিমোৰত পৰিছে চিকিৎসক । ক'ভিডৰ প্ৰতিষেধক প্ৰদানৰ কেম্পৰ সংখ্যা কম হোৱাৰ বাবে সমস্যাত পৰিছে ৰাইজ ।‌ সেয়েহে টিকাকৰণ চেন্টাৰত বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক : শোণিতপুৰত ১০০ টকাত উপলব্ধ ক’ভিড ১৯ ৰ নিগেটিভ ফলাফল

ABOUT THE AUTHOR

...view details