অসম

assam

By

Published : Jun 13, 2020, 4:18 PM IST

ETV Bharat / state

ছবি আঁকি সমাদৰ লাভ কৰিছে বাবলিয়ে

বাবলীয়ে লক​ ডাউনৰ সময়ত অসম তথা ভাৰত বৰ্ষৰ কেবাজনো বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰৰ লগতে ৫০ টকীয়া নোট, ২০০০ টকীয়া নোট,মোবাইল ফোন,বিভিন্ন খেলুৱৈৰ আলোক চিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে ৷

Biswanath Bably kashyap draw beautiful pictures during lockdown
বিশ্বনাথ

বিশ্বনাথ, ১৩ জুনঃ লক ডাউনৰ সময়ছোৱাত শিল্পীসকলে বিভিন্ন প্ৰকাৰে নিজ নিজ প্ৰতিভা বিকাশ কৰা পৰিলক্ষিত হৈছে ৷ শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণ পাইছে বহু আলোকচিত্ৰই । তাৰেই এক উৎকৃষ্ট নিদৰ্শন হৈছে বিশ্বনাথৰ বৰগাঙৰ বাবলী কাশ্যপ নামৰ ছাত্রীগৰাকী। বাবলীয়ে লক​ ডাউনৰ সময়ত অসম তথা ভাৰত বৰ্ষৰ কেবাজনো বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰৰ লগতে ৫০ টকীয়া নোট,২০০০ টকীয়া নোট,মোবাইল ফোন,বিভিন্ন খেলুৱৈৰ আলোক চিত্ৰ প্ৰস্তুত কৰি উলিয়াইছে ৷

ছবি আঁকি সমাদৰ লাভ কৰিছে বাবলিয়ে

লগতে পঢ়কঃকাইলৈ বাঘজানত উপস্থিত হ'ব পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান : মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

বাবলীৰ পিতৃয়ে এখন ট্ৰেইলাৰ দোকানত কাম কৰি যেনে-তেনে পৰিয়ালটিৰ পোহপাল দি আহিছে ৷ বৰ্তমান স্নাতক মহলাত অধ্যয়নত অতি দৰিদ্ৰ পৰিয়ালৰ বাবলীয়ে হাত খৰচৰ পৰা টকা জমা কৰি ছবি অঁকাৰ সামগ্ৰী ক্ৰয় কৰে । অতি দৰিদ্ৰ পৰিয়ালৰ বাবলিয়ে ছবি আঁকি চৰ্চালৈ অহা লগতে বিভিন্ন দল সংগঠনৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

...view details