অসম

assam

ETV Bharat / state

অসম অৰুণাচল শান্তি কমিটিৰ বৈঠক

অৰুণাচলৰ টেঙাবাৰীৰ জুমু ডুমা নামৰ এজন যুৱকে হেলেমৰ টেটুনবাৰীৰ কবিৰ মণ্ডল নামৰ লোকজনৰ স্কুটিখন জ্বলাই দিয়াৰ অভিযোগ তুলি অসম অৰুণাচল শান্তি কমিটিক এখন অভিযোগ দাখিল কৰে। কবিৰ মণ্ডলৰ এই অভিযোগৰ ভিত্তিতেই শান্তি কমিটিৰ বৈঠক অনুষ্ঠিত হয়।

অসম অৰুণাচল শান্তি কমিটিৰ বৈঠক

By

Published : Oct 13, 2019, 12:20 PM IST

অৰুণাচল প্ৰদেশ, 13 অক্টোবৰঃ অসমৰ চুবুৰীয়া ৰাজ্য সমূহৰ মাজত সীমাক লৈ বিভিন্ন ধৰণৰ সংঘাত হৈ থকা সময়তে শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ বালিজানৰ পৰিদৰ্শন বাংলোত অসম অৰুণাচল শান্তি কমিটি এক বৈঠক অনুস্থিত হয়। কিছুদিন পূৰ্বে অৰুণাচলৰ টেঙাবাৰীৰ জুমু ডুমা নামৰ এজন যুৱকে হেলেমৰ টেটুনবাৰীৰ কবিৰ মণ্ডল নামৰ লোকজনৰ স্কুটিখন জ্বলাই দিয়াৰ অভিযোগ তুলি অসম অৰুণাচল শান্তি কমিটিক এখন অভিযোগ দাখিল কৰে। কবিৰ মণ্ডলৰ এই অভিযোগৰ ভিত্তিতেই শান্তি কমিটিৰ বৈঠক অনুষ্ঠিত হয়। কিন্তু বৈঠকখনত উপস্থিত নাথাকে অভিযোগকাৰী কবিৰ মণ্ডল ৷ ইয়াৰোপৰি কবিৰ মণ্ডলৰ বিপক্ষে সাক্ষী দিবলৈ অহা লোকসকলে এই ঘটনা সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত কৰে ।

অসম অৰুণাচল শান্তি কমিটিৰ বৈঠক

ABOUT THE AUTHOR

...view details