অসম

assam

ETV Bharat / state

আইছা আৰু বিপ্লৱী যুৱ সন্থাই দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি

স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত বৰগাংত আইছা আৰু বিপ্লৱী যুৱ সন্থাৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ ৷

আইছা আৰু বিপ্লৱী যুৱ সন্থাই দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি
আইছা আৰু বিপ্লৱী যুৱ সন্থাই দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি

By

Published : Sep 3, 2020, 3:37 AM IST

বিশ্বনাথ 2 ছেপ্তেম্বৰ : অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড-19 ৰোগীৰ বিনামূলীয়া চিকিৎসা প্ৰদানত অসমৰ্থতাৰ বাবে বিহালীৰ বৰগাঙত নিখিল ভাৰত ছাত্ৰ সন্থা (আইছা) আৰু বিপ্লৱী যুৱ সন্থাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে ।

স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদ

সংগঠন দুটাই কয় যে,কৰ'ণা ৰোগ আৰম্ভণিৰে পৰা অযথা হেলিকপ্টাৰত পৰিভ্ৰমণকে ধৰি ৰাজকোষৰ ধন অপব্যৱহাৰ কৰি চমক দেখুওৱাব বিচৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অসমত এই ৰোগত আক্ৰান্তৰ সংখ্যা এক লাখ অতিক্ৰম কৰাৰ লগে লগে চিকিৎসা খৰচ চৰকাৰে বহন কৰিবলৈ অসমৰ্থ প্ৰকাশ কৰি জনসাধাৰণক বিপদৰ মুখলৈ ঠেলি দিছে ৷

আইছা আৰু বিপ্লৱী যুৱ সন্থাই দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি

আনহাতে কোভিডৰ অজুহাতলৈ অন্য ৰোগত আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসা ব্যৱস্থা বন্ধ কৰি দিয়াত বহুতো লোকে চিকিৎসাৰ অভাৱত অকালতে মৃত্যু হৈছে । দেশৰ এনে বিপদকালীন সময়ত জনসাধাৰণক স্বাস্থ্য সুৰক্ষা দিব নোৱাৰাটোৱে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ব্যৰ্থতাৰ স্বৰূপ উন্মোচন কৰিছে ।

আইছা আৰু বিপ্লৱী যুৱ সন্থাই দাহ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি

গতিকে এই ব্যৰ্থতা স্বীকাৰ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ দাবী জনায় সংগঠন দুটাই । তাৰোপৰি লকডাউনে জনসাধাৰণক অৰ্থনৈতিকভাৱে জুৰুলা কৰাত সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি,মহাবিদ্যালয়ৰ সকলো ছাত্ৰীক স্কুটি দিয়ক,কোভিডৰ নামত ৰাজ্যখনত হোৱা দূৰ্নীতি তদন্ত কৰক,কোভিডৰ অজুহাতত বিনা চিকিৎসাত মৃত্যু হোৱা লোকক এক লাখ টকা ক্ষতিপূৰন দিয়ক,অক্সিজেন আৰু খাদ্য যোগান ধৰিব নোৱাৰে যদি গাদী খামুচি ধৰি আছে কিয়? আদি বিভিন্ন দাবী সন্নিবিষ্ট প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক :মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details