বিশ্বনাথ, 27 মাৰ্চঃশুকুৰবাৰে বিশ্বনাথত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা প্ৰশাসনৰ স'তে এখন সংবাদ মেল সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ সংবাদ মেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিজন প্ৰশাসনিক বিষয়াক গাওঁ চহৰৰ সকলো ৰাইজক সজাগ কৰিবলৈ আহ্বান জনাই ।
ইফালে এই সংকটৰ সময়ত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীক লোকসকলৰ খাদ্য সামগ্ৰী আগবঢ়োৱা কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে যি সকল গুৰুত্বৰভাৱে অসুস্থ ৰোগী সেই সকলৰ বাবে ঘৰতে প্ৰয়োজনীয় ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাই মন্ত্ৰী ৰণজিৎ দত্তই ।