বিশ্বনাথ, ২৯ এপ্ৰিল: অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ভোট গণনা অহা ২ মে'ত অনুষ্ঠিত হ'ব । ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশনা মানি প্ৰতি খন জিলাতে প্ৰস্তুতি চলোৱা হৈছে । ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিশ্বনাথ জিলা প্ৰশাসনে । বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালী সমষ্টিৰ ভোট গণনাৰ কামত নিয়োজিত ৪৮ গৰাকী কাউণ্টিং ছুপাৰভাইজাৰ, ৪৮ গৰাকী কাউণ্টিং সহায়ক আৰু ৪৮ গৰাকী মাইক্ৰ' পৰ্যবেক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
বিশ্বনাথ জিলা প্ৰশাসনে জনোৱা মতে, ভোট গণনাৰ কাৰ্যালয়ত প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে এটা কক্ষত ৭ খনকৈ মেজ থাকিব । বিশ্বনাথ সমষ্টিৰ বাবে ১৭টা আৰু বিহালী সমষ্টিৰ বাবে ১৩টা ৰাউণ্ডত সম্পন্ন কৰা হ'ব গণনাৰ কাম । ভোট গণনাৰ সময়ছোৱাত সকলোৱে ক'ভিড প্ৰট'কল মানি চলিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে নিয়োজিত বিষয়াসকলৰ ক'ভিড পৰীক্ষা কৰোৱা হ'ব বুলিও জানিবলৈ দিছে জিলা প্ৰশাসনে ।