বিশ্বনাথ, 9 এপ্ৰিল:ৰাজ্যত ক’ভিড-19 ৰ সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে বাঢ়ি অহাৰ প্ৰতি লক্ষ্য কৰি বিশ্বনাথ জিলা প্ৰশাসনে ক’ভিড ব্যৱস্থাপনা আৰু ক’ভিড বিষয়ক তথ্যৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে । ইয়াৰ জৰিয়তে নাগৰিক সকলে ক’ভিড সম্পৰ্কীয় যিকোনো তথ্য, সহায়, অভিযোগ বা সঁহাৰিৰ বাবে ০৩৭১৫-২২০৮৬, ১০৭৭ (টোল ফ্ৰি) বা ৬০০২৬৬৮৮৭৩ (মোবাইল) নম্বৰত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগোযোগ কৰিব পাৰিব ।
ক'ভিড-19 ৰ সংক্ৰমণ যাতে আৰু অধিক বিয়পিব নোৱাৰে তাৰবাবে জিলা প্ৰশাসনে ইতিমধ্যে চিআৰপিচিৰ অধীনৰ ১৪৪ ধাৰা জাৰি কৰাৰ লগতে ৰাজহুৱা স্থানসমূহত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰিছে । ইয়াৰ উপৰিও জিলা প্ৰশাসনে সকলো কাৰ্যালয়, শিক্ষানুস্থান আৰু ব্যৱসায়িক প্ৰতিস্থান সমূহত চেনিটাইজাৰ ৰখা, হাত ধোৱা আৰু উষ্ণতা জুখিব পৰা ব্যৱস্থা ৰখাটোও বাধ্যতামূলক কৰিছে ৷