অসম

assam

ETV Bharat / state

বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ - মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ অত্যাৱশ্যকীয় সামগ্ৰী তথা ৰন্ধন গেছ, চিলিণ্ডাৰ, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

as_biswanath_802_aasu_protest_img_as10018
বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ

By

Published : Feb 19, 2021, 11:01 PM IST

বিশ্বনাথ, 19 ফেব্ৰুৱাৰী: শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰা প্ৰতিবাদৰ অংশ হিচাপে বিশ্বনাথতো বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আছুৰ সদস্য সকলে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

শুকুৰবাৰে বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ সদস্য সকলে দুঘন্টীয়া বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ মূলতঃ অত্যাৱশ্যকীয় সামগ্ৰী তথা ৰন্ধন গেছ, চিলিণ্ডাৰ, পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৰ সদস্যসকলে বিক্ষোভ প্ৰদৰ্শন কৰি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে ধিক্কাৰ জনায় ৷

লগতে পঢ়ক:অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

ABOUT THE AUTHOR

...view details