অসম

assam

ETV Bharat / state

স্ব-গৃহ পালেহি আছু নেতা অভিজিতৰ নশ্বৰদেহ - বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য অভিজিত

দুৰ্ঘটনাত মৃত্যু হোৱা আছু নেতা অভিজিত শইকীয়াৰ নশ্বৰ দেহ মঙলবাৰে বিশ্বনাথৰ পাভৈৰ স্ব-গৃহলৈ নিয়া হয় ৷ সোমবাৰে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা অভিজিতক আছু কৰ্মীসহ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

স্ব-গৃহ পালেহি আছু নেতা অভিজিতৰ নশ্বৰদেহ
স্ব-গৃহ পালেহি আছু নেতা অভিজিতৰ নশ্বৰদেহ

By

Published : Apr 28, 2020, 8:48 PM IST

বিশ্বনাথ চাৰিআলি, 28 এপ্ৰিল : লক ডাউনৰ সময়ত আৰ্তজনক সহায় কৰিবলৈ গৈ মটৰ চাইকেলেৰে দুৰ্ঘটনাত পতিত হৈ সোমবাৰে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়লি ৪.৩৫ বজাত মৃত্যুক সাৱতি লৈছিল বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য অভিজিত শইকীয়াই । মঙলবাৰে গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যসহ আছুৰ নেতা-কৰ্মীসকলে অভিজিতক শ্ৰদ্ধাঞ্জলি জনাই পুস্পসজ্জিত এখন বাহনেৰে মৃতদেহটো বিশ্বনাথ চাৰিআলিৰ নিজ বাসগৃহলৈ লৈ যায় ৷ বাসগৃহলৈ নিয়াৰ পূৰ্বে প্ৰথমে বিশ্বনাথ মহাবিদ্যালয়লৈ লৈ যোৱা হয় অভিজিতৰ নশ্বৰ দেহ ৷
মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,মহাবিদ্যালয় আছু গোটসহ অভিজিতৰ বন্ধু বৰ্গই শেষবাৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ নিয়া হয়। আছু কাৰ্যালয়ত বিশ্বনাথ আছুৰ লগতে বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিশ্বনাথৰ পাভৈৰ স্ব-গৃহত লৈ যায় অভিজিতৰ মৃতদেহ । এক শোকাকুল পৰিৱেশত স্ব-গৃহত বিভিন্ন জাতি-জনগোষ্ঠীয় দল-সংগঠন আৰু স্থানীয় ৰাইজ উপস্থিত হৈ শেষবাৰৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

স্ব-গৃহ পালেহি আছু নেতা অভিজিতৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details