বিশ্বনাথ,২২ অক্টোবৰঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো এইবাৰ দেখা গ'ল পূজাৰ এক নিমাওমাও পৰিৱেশ। সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজত এইবাৰ পূজা আৰম্ভ কৰিছে যদিও বিশ্বনাথ চাৰিআলিৰ কালীবাৰীত হোৱা এই দূৰ্গা পূজাভাগত যোৱা ৩৫ বছৰে নোহোৱা এটা পৰিবেশ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে দুখ ৷ ইফালে সপ্তমীৰ দিনটোতো এগৰাকীও ভক্ত পূজা মণ্ডপত উপস্থিত নথকাতো অতি দুখজনক বুলি দুখ প্ৰকাশ কৰিলে পূজা উদযাপন সমিতিয়ে ।
আজি সপ্তমীঃ বিশ্বনাথ চাৰিআলিৰ পূজা স্থলী নিমাওমাও পৰিবেশ - সপ্তমী দিনটো
পূজাৰ বেদীত প্ৰতিষ্ঠা হ'ল শক্তিৰ অতিষ্ঠাত্ৰী দেৱী দূৰ্গা । পৰম্পৰাগত ভাৱে দেৱীক প্ৰতিষ্ঠা কৰি বেলবোধন পূজা অৰ্চনা কৰা হয়। পৃথিৱীৰ পৰা যাতে অপায়-অমংগল হিংসা দুস্কৃতি দূৰ হৈ শান্তি প্ৰতিষ্ঠা হয় তাৰ বাবে প্ৰাৰ্থনা কৰা হয় । পিছে এইবাৰ ক’ৰণাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে এইবাৰৰ পূজাৰ পৰিবেশ দেখা গ’ল সেমেকা ।
আজি সপ্তমী বিশ্বনাথ চাৰিআলি পূজা স্থলী নিমাওমাও পৰিৱেশ
আনহাতে পূৰ্বে বিশ্বনাথ চাৰিআলিত ১০০/১৫০ খন পূজা আয়োজন হৈ আহিছিল যদিও জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে চাৰিআলিৰ আয়োজক সমিতি সমূহে এইবাৰ মাত্ৰ ৩৮ খন পূজাহে আয়োজনৰ ব্যৱস্থা কৰে ৷ ইয়াৰ ভিতৰত বিশ্বনাথ নগৰত ৭ খন আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অধীনত ৩১ খন পূজাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ অসমত বৃষ্টিপাতৰ সম্ভাৱনাঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী