বিহালী, 27 মে': এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য ৷ জন্মৰ এঘন্টাৰ পাচতে নৱজাতকক হত্যা কৰি পুতি থোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ঘটনা অনুসৰি, বিশ্বনাথৰ নিজ বাঘমাৰীৰ এগৰাকী বিধৱা মহিলাই বৃহস্পতিবাৰে পুৱা এটি সন্মান জন্ম দিয়ে; কিন্তু সন্তান জন্ম দিয়াৰ এঘন্টা পাচতে মহিলা গৰাকী অচেতন হৈ থকাৰ সময়তে মহিলাগৰাকীৰ দেওৰেকে দেৱশিশুটিৰ মৃত্যু হোৱা বুলি কৈ ঘৰৰ পাচফালে পুতি থৈ আহে ৷
নৱজাতৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য - নৱজাতকক হত্যা
বিশ্বনাথৰ নিজ বাঘমাৰীত এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ জন্মৰ এঘন্টাৰ পাচতে নৱজাতকক হত্যা কৰি পুতি থোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ অবৈধ সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিব বুলি আশংকা কৰি নৱজাতকক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰ কৰে দোষীয়ে ৷
![নৱজাতৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য bishwanath's nij baghmari sensation over newborn's death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11922792-thumbnail-3x2-bis.jpg)
নৱজাতৰ মৃত্যুক লৈ বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য
নৱজাতৰ মৃত্যুক কেন্দ্ৰ কৰি বিশ্বনাথৰ নিজ বাঘমাৰীত তীব্ৰ চাঞ্চল্য
এই ঘটনা পোহৰলৈ অহাৰ পাচতে মহিলা গৰাকীৰ ভগ্নীয়ে স্থানীয় ৰাইজ আৰু গাঁওবাসীক মৃত্যু হোৱা নৱজাতকটিৰ পিতৃ মহিলাগৰাকীৰ দেওৰেক বুলি উল্লেখ কৰে ৷ লগতে ৰাতিপুৱা জন্ম হোৱা নৱজাতকটিক দেওৰেকে হত্যা কৰে বুলি অভিযোগ উত্থাপন কৰি দীৰ্ঘদিনৰ পৰা দুয়ো মাজত অবৈধ সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰে ৷ লগতে অবৈধ সম্পৰ্কৰ কথা পোহৰলৈ আহিব বুলি আশংকা কৰি নৱজাতকক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰ কৰে দোষীয়ে ৷
লগতে পঢ়ক:শৰাইঘাট দলঙত মৃতদেহ উদ্ধাৰৰ ঘটনাত তিনি অভিযুক্ত গ্ৰেপ্তাৰ