বিশ্বনাথ,২৬ নৱেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো গভীৰ শোকৰ ছাঁ পৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত বিশ্বনাথ চাৰিআলি মুছলিম সমাজৰো শোক প্ৰকাশ ৷
মুছলিম সমাজৰ সভাপতি চামুদ্দিন হক,সাধাৰণ সম্পাদক আব্দুল হাকিম চিকদাৰ আৰু সহকাৰী সম্পাদক ইকবাল আহমেদৰ নেতৃত্বত মুছলিম সমাজৰ সভা গৃহত বুধবাৰে সন্ধিয়া এখনি শোক সভা অনুষ্ঠিত হয়।
শোক সভাত বিশ্বনাথ চাৰিআলি মুছলিম সমাজৰ বিষয়ববীয়া সকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। লগতে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
তৰুণ গগৈৰ মৃত্যুত বিশ্বনাথৰ মুছলিম সমাজৰ শোক প্ৰকাশ - death
বিশ্বনাথৰ মুছলিম সমাজৰ সভাপতি,সাধাৰণ সম্পাদকৰ উদৌগত বুধবাৰে সন্ধিয়া এখনি শোকসভা অনুষ্ঠিত কৰে । প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ৷
তৰুণ গগৈৰ মৃত্যুত বিশ্বনাথৰ মুছলিম সমাজৰ শোক প্ৰকাশ