বিশ্বনাথ,6 মে’:২০১৯ চনতে বিশ্বনাথ পৌৰ নিগমৰ অধীনত বিশ্বনাথৰ মধুপুৰ গাঁৱৰ অংকু বৰুৱা নামৰ লোকজনৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দুই লাখ টকাৰ এটি গৃহ আৱণ্টন দিছিল চৰকাৰে ৷ কিন্তু ১ লাখ দহ হাজাৰ টকা হিতাধিকাৰীয়ে কিস্তি পোৱাৰ সময়তে ব্যক্তিগত অসুবিধাৰ বাবে আৱাস বনাই থকা ভূমি বিক্ৰী কৰিবলগীয়া হ’ল হিতাধিকাৰী অংকু বৰুৱাই । যাৰ বাবে হিতাধিকাৰী অংকু বৰুৱাই নিজৰ হাতলৈ অহা ধনৰ পৰা পৌৰসভাত ১ লাখ দহ হাজাৰ টকা উভতাই দিবলগীয়া হৈছিল । তাৰ কিছুদিন পিছতে হিতাধিকাৰী অংকু বৰুৱাই বিশ্বনাথৰ ভিৰগাঁৱত মাটি ক্ৰয় কৰি পুনৰ বিশ্বনাথ পৌৰসভাত তেওঁৰ নামত অহা অথবা তেওঁ ওভতাই দিয়া আঁচনি পুনৰ পাবৰ বাবে আবেদন কৰাতহে পোহৰলৈ আহিল বিশ্বনাথ পৌৰসভাৰ ব্যাপক অনিয়ম তথা পৌৰ কৰ্মচাৰীৰ দৌৰাত্ম্যৰ কথা ।
উল্লেখযোগ্য যে, হিতাধিকাৰী অংকু বৰুৱাই প্ৰথমবাৰ আৱণ্টিত ধন বিশ্বনাথ পৌৰসভাক ওভতাই দিয়াৰ পিছতো চৰকাৰৰ একাউণ্টলৈ নগ’ল সেই ধন । যাৰ বাবে অংকু বৰুৱাই নতুনকৈ আবেদন কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা পাবলৈ সক্ষম হোৱা নাই । সমগ্ৰ ঘটনা জানিব পাৰি অংকু বৰুৱাই অৱশেষত জিলা উপায়ুক্ত আৰু দণ্ডাধীশক এই সম্পৰ্কে অভিযোগ দাখিল কৰাত পৌৰসভাৰ কৰ্মচাৰী আৰু হিতাধিকাৰী অংকু বৰুৱাক দণ্ডাধীশে বিষয়টো নিষ্পত্তি কৰাৰ নিৰ্দেশ প্ৰদান কৰে ।
তাৰপিছতে অংকু বৰুৱাই বিষয়টো লৈ পৌৰসভাৰ কাৰ্যালয়লৈ বহুবাৰ অহা-যোৱা কৰে ৷ কিন্তু পৌৰসভাৰ কৰ্মচাৰীসকলে অংকু বৰুৱাক বিভিন্ন নথি-পত্ৰ অনাৰ অজুহাত দেখুৱাই বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰে । যাৰ বাবে 1 মে’ত বৰুৱাই পত্নীসহ বিশ্বনাথ পৌৰসভাৰ কাৰ্যালয়ত বিৰাজ তামুলী নামৰ কৰ্মচাৰী গৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰাত পুনৰ নথিপত্ৰ অনাৰ কথা কয় ৷ অংকু বৰুৱাৰ পত্নীয়ে অতিষ্ঠ হৈ কি কি নথিপত্ৰ লাগে ম’বাইলৰ কেমেৰাৰ আগত কওঁক বুলি কোৱাত পৌৰসভাৰ কৰ্মচাৰী বিৰাজ তামুলীয়ে মহিলাগৰাকীৰ ম’বাইলটো হাতেৰে দলিয়াই গতা মাৰি দিয়াৰ অভিযোগ উত্থাপন কৰে ৷ এই সমগ্ৰ দৃশ্য বন্দী হয় অংকু বৰুৱাৰ পত্নীৰ ম’বাইলত ।