বিশ্বনাথ, ১১ মাৰ্চ:আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে বিশ্বনাথ জিলা প্ৰশাসন ৷ এই উপলক্ষে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াই জিলাখনৰ সমষ্টি কেইটাৰ কাম-কাজ যাতে ভালদৰে চোৱা-চিতা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জিলাখনত তিনিটাকৈ মুঠ ছয়টা ফ্লাইং স্কোৱাড আৰু দুটাকৈ মুঠ চাৰিটা স্থিৰ নিৰীক্ষণকাৰী দল গঠন কৰিছে ৷
নিৰ্বাচনক লৈ তৎপৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন - district administration speical team
এই উপলক্ষে বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াই জিলাখনৰ সমষ্টি কেইটাৰ কাম-কাজ যাতে ভালদৰে চোৱা-চিতা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জিলাখনত তিনিটাকৈ মুঠ ছয়টা ফ্লাইং স্কোৱাড আৰু দুটাকৈ মুঠ চাৰিটা স্থিৰ নিৰীক্ষণকাৰী দল গঠন কৰিছে ৷
নিৰ্বাচনক লৈ তৎপৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন
ইফালে, উক্ত দলসমূহে ইতিমধ্যে জিলাখনৰ বিভিন্ন ঠাইত তালাচী অভিযান অব্যাহত ৰাখিছে ৷ যাতে নিৰ্বাচনী প্ৰচাৰত ধনৰ লেনদেন কৰিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনিক গোটসমূহে ৷ অবৈধ সুৰা সৰবৰাহ হোৱা স্থানসমূহত তীক্ষ্ণ নজৰ ৰাখিজে সংশ্লিষ্ট বিভাগে ৷ উল্লেখ্য যে, বিহালী সমষ্টিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰগাং আৰক্ষীৰ সহযোগত শুকুৰবাৰে দিনটোত তালাচী অব্যাহত ৰখা দেখা যায় ৷
লগতে পঢ়ক: ভাৰতৰ ভিতৰত ৫২% চাহ উৎপাদনকাৰী অসমৰ চাহ শ্ৰমিক বঞ্চিত ST মৰ্যদাৰ পৰা