বিশ্বনাথ, 27 অক্টোবৰ :গছ থাকিলেহে মানুহ থাকিব এই শ্ল'গানৰ জৰিয়তে বন বিভাগে গছ নাকাটিবলৈ ইখনৰ পাছত সিখন সজাগতা সভা আয়োজন কৰি আহিছে । আনহাতে, বন বিভাগৰ অন্যতম এটা বিভাগ সামাজিক বননিকৰণৰ নামত কোটি কোটি টকা খৰচ কৰা বন বিভাগৰ কিন্তু এতিয়া খোদ অসম চৰকাৰৰ পৰিবহন নিগমৰ অধ্যক্ষ তথা বিহালী বিজেপি নেতা অশোক ভট্টৰায়ৰ নিৰ্দেশতে বিহালীত গছ-গছনি কাটি তহিলং কৰি গোপনে বিক্ৰী কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক :ফায়াৰ এণ্ড ফিউৰি ক'ৰত স্থলসেনাৰ পদাতিক বাহিনী দিৱস উদযাপন
অভিযোগ অনুসৰি, বিগত দশক ধৰি যধেমধে মাটি কাটি বিহালীৰ শ শ বিঘা কৃষিভূমি ধংস কৰি ক্ষান্ত নোহোৱা বিহালীৰ ইটা ভাটা মালিকৰ চকু এইবাৰ ৰাজহুৱা সম্পত্তিৰ ওপৰত ৷ চৰকাৰী কাৰ্যালয়ৰ চৌহদত থকা গছ অবৈধ ভাৱে কাটি ইটা ভাটাত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে বিহালীত ৷ অভিযোগ অনুসৰি, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ গৰাকীয়ে নিজ সমষ্টিৰ বৰগাঁঙত বন বিভাগৰ অনুমতি অবিহনে তেওঁৰ চত্ৰছায়াত বৰগাং পৰিবহণ নিগমৰ বাছ আস্থানত থকা এজোপা বৃটিছৰ দিনৰ আহত গছ আৰু এজোপা কদম গছ কাটিবলৈ বৰগাঁঙৰ টাজ ইটা ভাটাৰ মালিক মুকুট ভট্টাচাৰ্য ওৰফে মইনাক কাটিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ পৰা গৈছে ।