বিশ্বনাথ চাৰিআলি, 0৬ মাৰ্চ:ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বনাথ আৰু চতিয়াটো পুৱাৰে পৰা অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া (Bishwanath and Sootea polling continued) । পূৱা ৮ বজাৰে পৰাবিশ্বনাথ চাৰিআলি পৌৰসভা আৰু চতিয়া পৌৰসভাৰ ভোট গ্ৰহণ অনুস্থিত হৈছে । ১২ টা ৱাৰ্ডেৰে গঠিত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৯টা ৱাৰ্ডত আৰু ১০ টা ৱাৰ্ডেৰে গঠিত হোৱা চতিয়া পৌৰসভাৰ ৩টা ৱাৰ্ডত আজি পূৱা ৮:০০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ ভোট গ্রহন অনুষ্ঠিত হব ।
বিশ্বনাথ চাৰিআলিৰ পৌৰ সভাৰ ১, ৬ আৰু ১১ নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই তিনিটা ৱাৰ্ডত অনুষ্ঠিত নহ’ল ভোট গ্ৰহণ (Municipal Election 2022) । বিশ্বনাথ চাৰিআলি পৌৰসভাৰ মুঠ ভোটাৰৰ সংখ্যা ১৪,৯০৯ গৰাকী যদিও এই তিনিটা ৱাৰ্ডত ভোট গ্ৰহণ অনুষ্ঠিত নোহোৱাৰ বাবে আজি পৌৰ সভাৰ নিৰ্বাচনত ভোটদান কৰিব লগা মুঠ ভোটাৰৰ সংখ্যা হ’ল ১১,০৫৯ গৰাকী ।
সেইদৰে ১০ টা ৱাৰ্ডেৰে গঠিত আৰু পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা চতিয়া পৌৰসভাৰ ৩টা ৱাৰ্ডতহে আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । পৌৰসভাখনৰ ২, ৩, ৬, ৭, ৮, ৯ আৰু ১০নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই সাতটা ৱাৰ্ডতো অনুষ্ঠিত নহ’ল ভোট গ্ৰহণ ।
চতিয়া পৌৰ সভাৰ মুঠ ভোটাৰৰ সংখ্যা ৯,৭৭৪ গৰাকী যদিও এই সাতটা ৱাৰ্ডত ভোট গ্ৰহণ অনুষ্ঠিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত পৌৰসভাৰ নিৰ্বাচনত ভোটদান কৰিব লগা মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬,৪০৫ গৰাকী । মন কৰিবলগীয়া যে, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৯টা ৱাৰ্ডৰ বাবে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে মুঠ ১৯ গৰাকী প্ৰাৰ্থী ।