বিশ্বনাথ,২৪ মাৰ্চ: “ভোটদান কৰাটো সকলোৰে অধিকাৰ, গতিকে ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰাৰ ভেটি মজবুত কৰাৰ স্বাৰ্থত আপোনালোকেও নিৰ্ভয়ে ওলাই আহি অহা নিৰ্বাচনত ভোটদান কৰক” এই আহ্বান বিশ্বনাথ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাৰ। সাকোমঠা চাহ বাগিচা কমিউনিটি হলত চাহ কৰ্মীসকলক লৈ বুধবাৰে অনুষ্ঠিত সজাগতামূলক সভাত উপস্থিত থাকি উপায়ুক্ত গৰাকীয়ে ভোটকেন্দ্ৰসমূহত ক’ভিড প্ৰট’কল মানি ভোটদান কৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান জনায় ৷
চাহ শ্ৰমিকৰ মাজত বিশ্বনাথ প্ৰশাসনৰ নিৰ্বাচন সম্পৰ্কীয় সজাগতা সভা - ভাৰতীয় গণতান্ত্ৰিক পৰম্পৰা
বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত চাহ শ্ৰমিকসকলৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ বিশ্বনাথ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰণৱ কুমাৰ শৰ্মাই সাকোমঠা চাহ বাগিচা কমিউনিটি হলত চাহ কৰ্মীসকলক লৈ বুধবাৰে অনুষ্ঠিত সজাগতামূলক সভাত উপস্থিত থাকি ভোটকেন্দ্ৰসমূহত ক’ভিড প্ৰট’কল মানি ভোটদান কৰিবলৈ চাহ শ্ৰমিকসকলক আহ্বান জনায় ৷
![চাহ শ্ৰমিকৰ মাজত বিশ্বনাথ প্ৰশাসনৰ নিৰ্বাচন সম্পৰ্কীয় সজাগতা সভা চাহ শ্ৰমিকৰ মাজত বিশ্বনাথ প্ৰশাসনৰ সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11146453-486-11146453-1616605216046.jpg)
তদুপৰি ভোটাৰ কাৰ্ড নথকা ভোটাৰসকলকেও নিৰ্বাচনী আয়োগে নিৰ্দিষ্ট কৰি দিয়া ফটোযুক্ত নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ এই সজাগতা সভাত চাহ শ্ৰমিকসকলৰ মাজত ইভিএম আৰু ভিভিপেটৰ ব্যৱহাৰৰ প্ৰতি থকা খোকোজা দূৰ কৰাৰ উদ্দেশ্যে প্ৰত্যক্ষভাৱে প্ৰদৰ্শন কৰাই । এই সজাগতা সভাত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, সহকাৰী আয়ুক্ত ভূপালী কাশ্যপ, বিশ্বনাথ তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুত সুপ্ৰতিম দে আৰু৩০ নং চি আৰ পি এফৰ জোৱানসকল উপস্থিত থাকে ৷
লগতে পঢ়ক:উত্তৰ কমলাবাৰী সত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী সোনোৱালে