অসম

assam

ETV Bharat / state

জিনজিয়া আৰক্ষীৰ সফলতাঃ হত্যাকাণ্ডৰ 7 ঘন্টাৰ ভিতৰতে আটক হত্যাকাৰী - bisawnath rape latest news

যোৱা ২৫ অক্টোৱৰ তাৰিখে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিজিকা কলাপানীত এখন দলঙৰ তলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি অঞ্চলটোৰ লোকসকলক খবৰ দিয়ে ৷ যদিও প্ৰায় 5 ঘন্টা পিছতহে পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ লগে লগে আৰক্ষী বিষয়া বিশ্বজিৎ মেধিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি কৰিধৰ্ষণকাৰী তথা হত্যাকাৰী ৰঞ্জিত সৎনামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জিনজিয়া আৰক্ষীৰ সফলতাঃহত্যাকাণ্ডৰ 7 ঘন্টাৰ ভিতৰত আটক হত্যাকাৰী

By

Published : Oct 29, 2019, 7:24 PM IST

বিশ্বনাথ, 29 অক্টোবৰঃৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে ঘটনা ৷ বহু সময়ত আৰক্ষীৰ গাফিলতি বা লেহেমীয়া তদন্তৰ বাবে বহু অপৰাধী আইনৰ সৰুঙাৰে সৰি যোৱা বহু ঘটনা দেখিবলৈ পোৱা যায় ৷ কিন্তু আৰক্ষীৰ ওপৰত থকা এইসমূহ অভিযোগক কিছু ক্ষেত্ৰত ভুল প্ৰমাণিত কৰিলে বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষীয়ে ৷ জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধিৰ নেতৃত্বত জিনজিয়াত সংঘটিত এটা ধৰ্ষণকাণ্ডৰ ৭ ঘন্টাৰ ভিতৰতে ধৰ্ষকাৰী চিনাক্ত কৰি কৰায়ত্ব কৰা ঘটনাই বিশ্বনাথ আৰক্ষী বিষয়া গৰাকীৰ কৰ্মনিষ্ঠাৰ প্ৰমাণ দাঙি ধৰিছে ৷

আৰক্ষী বিষয়া বিশ্বজিৎ মেধি

উল্লেখ্য যে, যোৱা ২৫ অক্টোৱৰ তাৰিখে জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিজিকা কলাপানীত এখন দলংৰ তলত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি অঞ্চলটোৰ লোকসকলক খবৰ দিয়ে যদিও প্ৰায় 5 ঘন্টা পিছতহে পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হয় ৷ লগে লগে আৰক্ষী বিষয়া বিশ্বজিৎ মেধিয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ধৰ্ষণকাৰী তথা হত্যাকাৰী ৰঞ্জিৎ সৎনামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

অভিযুক্ত ৰঞ্জিত সৎনামী

ইতিমধ্যে অভিযুক্ত ৰঞ্জিৎ সৎনামীক গ্ৰেপ্তাৰ কৰি ন্যায়ালয় হাজিৰ কৰি 5 দিনৰ ন্যায়িক জিম্মাত লোৱা হয় ৷ জিনজিয়া আৰক্ষী থানাত অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details