অসম

assam

ETV Bharat / state

ক'ভিডৰ বাবে বাতিল বিহালীৰ দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘৰ বিহুৰ কাৰ্যসূচী - বিহালী দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘ

বিহালীৰ দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘৰ ৩০ তম ৰঙালী বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে । দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নতুনকৈ দিয়া ক'ভিড নীতি-নিৰ্দেশনা পালন কৰি জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি বিহুৰ সকলো কাৰ্যাসূচী বাতিল কৰা হৈছে ।

ক'ভিডৰ বাবে বাতিল বিহালীৰ দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘৰ বিহুৰ কাৰ্যসূচী
ক'ভিডৰ বাবে বাতিল বিহালীৰ দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘৰ বিহুৰ কাৰ্যসূচী

By

Published : Apr 23, 2021, 5:04 PM IST

বিশ্বনাথ, ২৩ এপ্ৰিল : দেশৰ লগতে অসমতো কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ বাবে ৰাজ্যত ইতিমধ্যে অধিক সংখ্যক বিহুৰ কাৰ্যসূচী বাতিল কৰিছে আয়োজক কমিটি সমূহে । সমান্তৰালকৈ বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীৰ দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘইও বাতিল কৰিছে বিহুৰ সকলো কাৰ্যসূচী ।

ক'ভিডৰ বাবে বাতিল বিহালীৰ দক্ষিণ ৰাংছালী দ্বিপজ্যোতি ক্ৰীড়া সংঘৰ বিহুৰ কাৰ্যসূচী

দ্বিপজ্যোতি ক্ৰীড়া সংঘৰ উদ্যোগত এইবেলি ৩০ তম ৰঙালী বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । কিন্তু মহামাৰী কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰা বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি শ্ৰীমন্ত দাস আৰু সম্পাদক টুলটুল দাসে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে অহা ১৬ /১৭ বহাগত অনুষ্ঠিত হ'বলগীয়া আমন্ত্ৰণি শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ লগতে মৌ-কুঁৱৰী প্ৰতিযোগিতাকে ধৰি সকলো কাৰ্যসূচী বাতিল কৰা হৈছে বুলি উল্লেখ কৰে ৷

উল্লেখযোগ্য যে, দৈনিক দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নতুনকৈ দিয়া ক'ভিড নীতি-নিৰ্দেশনা পালন কৰি জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি বিহুৰ সকলো কাৰ্যাসূচী বাতিল কৰা হৈছে ।

লগতে পঢ়ক: বিলাসীপাৰাত পুনৰ এগৰাকী মহিলা ক'ভিড-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details