বিশ্বনাথ,২০ এপ্ৰিল:ৰাজ্যত অব্যাহত থকা ক'ভিড-১৯ ৰ জটিল পৰিস্থিতিৰ বাবে দ্বিতীয়বাৰৰ বাবে বাতিল হ'ল বিশ্বনাথ চাৰিআলিৰ সাংস্কৃতিক অনুষ্ঠান "ব’হাগী উৎসৱ-২০২১" । উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ উদ্যোগত ৰে’লগেট ষ্টেডিয়ামত ব্যয়বহুল ব্যৱস্থাপনাৰে উদযাপিত হৈ অহা ব’হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠান বিগত বৰ্ষতো ক'ভিড-১৯ ৰ বাবেই বাতিল কৰা হৈছিল ৷ এইবাৰ পুনৰ পূৰ্বৰ দৰেই আড়ম্বৰপূৰ্ণভাৱে ব’হাগী উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলাইছিল উদ্যোক্তাসকলে ৷
দ্বিতীয়বাৰলৈ বাতিল বিশ্বনাথৰ ব’হাগী উৎসৱ
চৰকাৰৰ জটিল নীতি-নিৰ্দেশনা আৰু ৰাইজক ক’ভিড-১৯ ৰ পৰা সুৰক্ষিত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্বনাথৰ ব’হাগী উৎসৱ উদযাপন সমিতিয়ে ।
দ্বিতীয়বাৰলৈ বাতিল বিশ্বনাথৰ ব’হাগী উৎসৱ
চৰকাৰৰ জটিল নীতি-নিৰ্দেশনা আৰু ৰাইজক ক’ভিড-১৯ ৰ পৰা সুৰক্ষিত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে উদযাপন সমিতিয়ে । অৱশ্যে পৰম্পৰা ৰক্ষা কৰি পতাকা উত্তোলন আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন কৰে উদযাপন সমিতিয়ে । লগতে ৰাজ্যবাসীক মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব ৰাখিবলৈ আহ্বান জনাই উদযাপন সমিতিয়ে ।
লগতে পঢ়ক :গোৱালপাৰাত পুনৰ ১৯ গৰাকী ক’ৰণাত আক্ৰান্ত