অসম

assam

ETV Bharat / state

বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন - BIHALI SENIOR CITIZEN

অসমত জেষ্ঠ নাগৰিক সন্মিলন গঠনৰ প্ৰথম গৌৰৱ অৰ্জন কৰা বিহালী জেষ্ঠ নাগৰিক সন্মিলনে সম্পূৰ্ণ কৰিলে 20 টা বছৰ ৷

বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jun 20, 2019, 4:21 AM IST

বিশ্বনাথ,20 জুনঃঅসমত জেষ্ঠ নাগৰিক সন্মিলন গঠনৰ প্ৰথম গৌৰৱ অৰ্জন কৰা বিহালী জেষ্ঠ নাগৰিক সন্মিলনে সম্পূৰ্ণ কৰিলে 20 টা বছৰ ৷ বুধবাৰে বৰগাঙৰ চিলাহৰন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱনত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিংশতম প্ৰতিষ্ঠা দিৱস। সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন কৰে বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বৈশাকু ৰয়ে । স্মৃতি তৰ্পন কৰে সন্মিলনৰ উপসভাপতি উমা পোখ্ৰেল আৰু লোহিত ভাগৱতীয়ে । ইয়াৰ পিচতে দিনৰ 11 বজাৰ পৰা বৈশাকু ৰয়ৰ সভাপতিত্বত মুল সভা অনুষ্ঠিত হয় ৷ সভাৰ আঁত ধৰে সম্পাদক অৰুণ কুমাৰ সাহাই ।

বিহালী জেষ্ঠ নাগৰিক সন্মিলনৰ বিংশত্বম প্ৰতিষ্ঠা দিৱস উদযাপন

সভাত 2019 বৰ্ষত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰামানুজ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান দখল কৰা বিশাল বৰুৱা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিহালীৰ জয়মতী হাইস্কুলৰ পৰা ডিচটিংচন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মনোজ উপাধ্যায়ক সম্বৰ্ধনা জনোৱা হয় ।সভাত বিশিষ্ট অতিথি ৰূপে আমন্ত্ৰণ কৰি অনা সন্মিলনৰ বিশ্বনাথ জিলা সমিতিৰ উপ-সভাপতি প্ৰতাপ গোস্বামী, জিলাৰ সহ সম্পাদক হীৰেন বৰা আৰু জিলাৰ আলোচনী সম্পাদক দীজেন ভূঞাই বৰ্তমান সমাজ ব্যৱস্থাত পথ প্ৰদৰ্শক হিচাপে জেষ্ঠ নাগৰিক সন্মিলনে পদক্ষেপ গ্ৰহন কৰা আৰু জেষ্ঠ নাগৰিক সকলৰ সন্মান আৰু সুৰক্ষাৰ বাবে কাৰ্যপন্থা গ্ৰহন কৰাৰ কথা উল্লেখ কৰি বক্তব্য প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details