বিশ্বনাথ,২১ এপ্ৰিল: ৰাজ্যজুৰি কৰ’ণাতংকৰ মাজতে বিশ্বনাথৰ বিহালীৰ স্নাতক মহাবিদ্যালয়ৰ ৩২ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । সমগ্ৰ বিহালীবাসীৰ দান-বৰঙণিৰে 1989 চনৰ 20 এপ্ৰিলত স্থাপন হোৱা বিহালীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ে বুধবাৰে ৩২ বছৰ অতিক্ৰম কৰে ।
এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচী পালন কৰা হয় । সম্পূৰ্ণ কভিড প্ৰ'টকল মানি বুধবাৰে পুৱা ৮.৩০ বজাত সমূহীয়া চাফাইৰ পাছতে পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই । ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে বৰগাং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিহালী স্নাতক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰেশ্বৰ কটকীয়ে ।