বিশ্বনাথ,১৩ মাৰ্চ: ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায় বিধানসভা নিৰ্বাচন । অসমৰ আন আন সমষ্টিৰ লগতে ৭৭ নং বিহালী বিধানসভা সমষ্টিটোত কংগ্ৰেছ আৰু চিপিআইএমএল-ৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বিবেক দাসে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।
বিহালীত কংগ্ৰেছ মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ - undefined
২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ বিহালী বিধানসভা সমষ্টিটোৰ কংগ্ৰেছ আৰু চিপিআইএমএল দলৰ মিত্ৰজোঁটৰ প্ৰচাৰ তুংগত ৷

বিহালীত কংগ্ৰেছ মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
বিহালীত কংগ্ৰেছ মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
শনিবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুহিয়াবাৰীৰ পৰা এক বিশাল বাইক ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলাই মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে । বাইক ৰেলীত বিহালী প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু, কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক বনবাস তাঁতী, কংগ্ৰেছ নেতা ৰূপক শৰ্মা, বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মনোজ গৌতমকে ধৰি কেইবাজনো কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃপ্ৰাক নিৰ্বাচনী হিংসা:বিজেপি কৰ্মীক চুৰিৰে হানি-খুচি হত্যা দুৰ্বত্তৰ