অসম

assam

ETV Bharat / state

Bharali Konwar Award To Padma Hazarika: বিধায়ক পদ্ম হাজৰিকালৈ ভৰলী কোঁৱৰ উপাধি - গীতিকাৰ মহেন্দ্ৰ হাজৰিকা

দেওবাৰে নদুৱাৰ প্ৰেছ ক্লাবে প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী (Sootea Press Club Silver jubilee) অনুষ্ঠানত আয়তীৰ উৰুলি ধ্বনি, ডবা কাঁহৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰে ভৰলী কোঁৱৰ উপাধি (Bharali Konwar Award To Padma Hazarika)৷

Bharali Konwar Award To Padma Hazarika at Sootea
Bharali Konwar Award To Padma Hazarika: বিধায়ক পদ্ম হাজৰিকালৈ ভৰলী কোঁৱৰ উপাধি

By

Published : Dec 4, 2022, 7:51 PM IST

চতিয়া, ৪ ডিচেম্বৰ: "আজি এটা ঐতিহাসিক দিন ৷ মই কিমান আনন্দ পাইছো সেইটো মই ভাষাৰে বুজাব নোৱাৰো ৷ মোৰ গাত শেষ বিন্দু তেজ থকালৈকে অসমৰ অৰ্থনৈতিক যাত্ৰা সুচল কৰিবলৈ মই কাম কৰি যাম ৷ এইক্ষেত্ৰত আমাক পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ (Cabinet Minister Sarbananda Sonowal) বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বহুত সহায় কৰি আহিছে ৷ আজি এই বঁটাই মোক আগবাঢ়ি যোৱাৰ লগতে আগলৈ আৰু উৎসাহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব ৷" দেওবাৰে ভৰলী কোঁৱৰ উপাধি লাভ কৰি সংবাদমাধ্যমত এই মন্তব্য প্ৰকাশ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই (Sootea MLA Padma Hazarika)৷

বিধায়ক পদ্ম হাজৰিকালৈ ভৰলী কোঁৱৰ উপাধি

দেওবাৰে নদুৱাৰ প্ৰেছ ক্লাবে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী (Sootea Press Club Silver jubilee) অনুষ্ঠানত আয়তীৰ উৰুলি ধ্বনি, ডবা কাঁহৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত প্ৰদান কৰে ভৰলী কোঁৱৰ উপাধি (Bharali Konwar Award To Padma Hazarika)৷

গায়ন-বায়ন আৰু বালী, সুগ্ৰীৱ আৰু শ্ৰীকৃষ্ণৰ ভাও লৈ ভাৱৰীয়াই আদৰি আনে বিধায়ক গৰাকীক ৷ জামুগুৰি বহাগী মেলা বাকৰিত অনুষ্ঠিত উপাধি প্ৰদান সভাখনৰ সভাপতিত্ব কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জন কলিতাই (Bharali Konwar Award To Padma Hazarika at Sootea) । লগতে এই অনুষ্ঠানত ডাঃ ইলিয়াছ আলীয়ে ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা ভৰলী কোঁৱৰ গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে (Bharali Konwar Book inagurated) ।

ৰূপালী জয়ন্তীৰ এই বিশেষ অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta), সাহিত্যিক য়েছে দৰ্জে ঠংচি, ডাঃ ইলিয়াছ আলী, জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, সুৰকাৰ-গীতিকাৰ মহেন্দ্ৰ হাজৰিকা, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ অঞ্জন ওজা, বিশ্বনাথৰ আৰক্ষী অধীক্ষক নৱীন সিং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়কৰ কাৰ্যালয়

ABOUT THE AUTHOR

...view details