বিশ্বনাথ,১৯ জানুৱাৰী:বিহালী সমষ্টিৰ অন্তৰ্গত বিহমাৰী গাঁও পঞ্চায়তৰ অধীনৰ লালপুখুৰী গাঁৱত বিগত বৰ্ষ সমূহত হৈ থকা বুৰৈ নদীৰ খহনীয়া তাণ্ডৱ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে SDRF শিতানৰ পৰা ১.১৫ কোটি টকাৰ আৱন্টন দিয়ে । সোমবাৰে উক্ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।
বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ - বিহালী সমষ্টিৰ বিধায়ক
লালপুখুৰী গাঁৱত বিগত বৰ্ষ সমূহত হৈ থকা বুৰৈ নদীৰ খহনীয়া তাণ্ডৱ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে SDRF শিতানৰ পৰা ১.১৫ কোটি টকাৰ আবন্টন দিয়ে । সোমবাৰে উক্ত খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।
![বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10294016-914-10294016-1611028959603.jpg)
বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ
ইপিনে শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে থাকে বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা,বিশ্বনাথ জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনি গগৈ, অভিযন্তা পবিত্ৰ বৰা,ঠিকাদাৰ প্ৰশান্ত কলিতাৰ লগতে জলসম্পদ বিভাগৰ অন্যান্য বিষয়ববীয়া সকল । আনহাতে কাম শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰঞ্জিত দত্তই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰদান কৰা টকাৰ যাতে হৰলুকি নহয় তাৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰীক নজৰ দিবলৈ আহ্বান জনাই ।
লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰীত চীনৰ হাইড্ৰ’ পাৱাৰ প্ৰকল্প স্থাপন