অসম

assam

ETV Bharat / state

বিহালীত আত্মসহায়ক গোটৰ হিতাধিকাৰীৰ মাজত ঋণ বিতৰণ

শুকুৰবাৰে বিহালী উন্নয়ন খণ্ডত এখন সভা অনুষ্ঠিত কৰে । শুকুৰবাৰে দিনৰ ১১ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস,অগ্ৰণী জিলা প্ৰৱন্ধক কৃষ্ণ ভৌমিকৰ লগতে বিশ্বনাথৰ বেংক প্ৰৱন্ধক সমুহৰ উপস্থিতিত এই ঋণ মেলাখনি অনুষ্ঠিত হয়।

By

Published : Sep 11, 2020, 10:36 PM IST

behali loan distribution
বিহালীত আত্মসহায়ক গোটৰ হিতাধিকাৰীৰ মাজত ঋণ বিতৰণ

বিহালী,১১ ছেপ্টেম্বৰঃবিশ্বনাথ জিলাৰ শিক্ষিত আৰু কৰ্মমুখী লোক সকলক স্ব-নিয়োজন আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিশ্বনাথৰ জিলা অগ্ৰণী বেংক প্ৰৱন্ধকৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত জিলাখনত এলানি ঋণ মেলাৰ আয়োজন কৰছে । জিলাখনৰ বিভিন্ন স্থানত 4 দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা এই ঋণ মেলাৰ শুকুৰবাৰে বিহালী উন্নয়ন খণ্ডত এখন সভা অনুষ্ঠিত কৰে । শুকুৰবাৰে দিনৰ ১১ বজাত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস,অগ্ৰণী জিলা প্ৰৱন্ধক কৃষ্ণ ভৌমিকৰ লগতে বিশ্বনাথৰ বেংক প্ৰৱন্ধক সমুহৰ উপস্থিতিত এই ঋণ মেলাখনি অনুষ্ঠিত হয়।

বিহালীত আত্মসহায়ক গোটৰ হিতাধিকাৰীৰ মাজত ঋণ বিতৰণ

ঋণ মেলাত কৃষি ঋণ,আত্ম সহায়ক গোটৰ ঋণ, মুদ্ৰা ঋণ,হস্ততাঁত ঋণ,মীন পালন,ব্ৰইলাৰ পামৰ ঋণ আৰু দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী উৎপাদনৰ লগত জড়িত কৃষককে ধৰি মুঠ ৬ টা গোটৰ হিতাধিকাৰীৰ মাজত ঋণ প্ৰদান কৰে। ঋণ মেলাত কল্যানী আত্ম সহায়ক গোটক ২ লাখ,গোপাল আত্ম সহায়ক গোটক ২লাখ, শ্রীগনেশ ৩ লাখ টকা, মিলিজুলি ৩ লাখ টকা,অনামিকা ২ লাখ টকা,দিব্যজোতি আত্মসহায়ক গোটক ৩লাখ টকাৰ ঋণ প্রদান কৰে ৷ এতিয়ালৈকে এই বিত্তীয় বর্ষত ১,২২,১০০০০ টকা দিয়াৰ ব্যৱস্থা কৰিছে ৷ অনুষ্ঠানত জিলা কৃষি বিষয়া বিজয় দত্ত, মহকুমা কৃষি বিষয়া মদন গোপাল চাহু, বিহালী কৃষি উন্নয়ন বিষয়া কল্যাণ গোস্বামী,খণ্ড উন্নয়ন বিষয়া আবুল কালাম,বিপিএম বিহালী ব্লক হিৰণদ্বীপ শইকীয়া,ধীৰাজ পাংগিং,মীন,উদ্যোগ বিভাগৰ বিষয়া সকল,বেংক সখী চুমী গোস্বামী,নৱনীতা লাহন,শান্তি দাহাল,পুষ্পা বৰাসহ কেইবাজনো লোক উপস্থিত থাকে ৷ পৰৱর্তী পর্যায়ত বিভিন্ন বিভাগৰ পৰা অনুমোদন সাপেক্ষে ঋণ প্রদান কৰা হ’ব বুলি বেংক বিষয়াই উল্লেখ কৰে ৷

ইপিনে ১৪ ছেপ্তেম্বৰত ১১ বজাত চতিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আৰু ১৫ ছেপ্তেম্বৰত ১১ বজাত জিলাখনৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয়ত পৰৱৰ্তী ঋণ মেলাসমুহ অনুষ্ঠিত হ’ব আৰু সংশ্লিষ্ট এলেকাৰ নিৰ্বাচিত হিতাধিকাৰী সকলৰ মাজত ঋণ প্ৰদান কৰা হ’ব বুলি অগ্ৰণী জিলা প্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দ্বায়িত্বত নিয়োজিত আৰক্ষীৰ আকস্মিক মৃত্যু

ABOUT THE AUTHOR

...view details