অসম

assam

By

Published : Jul 8, 2019, 9:42 AM IST

ETV Bharat / state

বিহালীত বিজেপি দলৰ সদস্য ভৰ্তি অভিযান

বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ নেতৃত্বত আৰম্ভ হয় সদস্য ভৰ্তি অভিযান । অনলাইন আৰু অফলাইন যোগে বহুকেইগৰাকী সদস্যৰ বিজেপিত অংশগ্ৰহণ

বিহালীত বিজেপি দলৰ সদস্য ভৰ্তি অভিযান

বিশ্বনাথ, 8 জুলাইঃ সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি কৰণ প্ৰক্ৰিয়া ৷ দেওবাৰে বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ নেতৃত্বত আৰম্ভ হয় সদস্য ভৰ্তি কৰণৰ কাম । প্ৰথমে বটীয়ামাৰী গাওঁ পঞ্চায়তৰ বিজেপি নেতা নিলাম্ব কলিতাৰ বাসগৃহ উপস্থিত হয় দলৰ সদস্য নেতা কৰ্মীসকল ৷

বিহালীত বিজেপি দলৰ সদস্য ভৰ্তি অভিযান

এই সদস্য ভৰ্তিকৰণ অহা ১১ জুলাই লৈ চলিব বুলি জনাই মন্ত্ৰী ৰণজিৎ দত্তই ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে বিহালী সমষ্টিৰ তত্বাৱধায়কৰ দায়িত্বত থকা তথা গহপুৰ পৌৰ সভাৰ সভানেত্ৰী লিনা শইকীয়া বৰা, বিহালী মণ্ডল কমিটিৰ সভাপতি উৎপল বৰা, নিজ বিহালী জিলা সদস্যা দীপিকা দেৱী ঢাকালৰ লগতে বহু কেইগৰাকী বিজেপিৰ সদস্যই৷

আৰু পঢ়কঃ আপুৰুগীয়া সম্পদ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে টাটা ট্ৰাষ্ট

ABOUT THE AUTHOR

...view details