চতিয়া, ২৩ আগষ্ট :মৌ মৰ্ত্যৰ অমৃত ৷ এই মৌ আজিকালি বজাৰত প্ৰায়ে উপলব্ধ ৷ পিছে সকলোবোৰ বজাৰত উপলব্ধ মৌৰ গুণাগুণ একে নহয় ৷ বিভিন্ন ঔষধি গুণসম্পন্ন এই মৌৰ আছে ৰোগ প্ৰতিৰোধ ক্ষমতা ৷ পিছে আমি কোনেও এই মৌ পালন কৰাৰ কথা নাভাবো ৷ কিন্তু চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিবনুৱাক কৰ্মমুখী চিন্তাৰে স্বাৱলম্বী কৰাৰ এক সপোন দেখিছিল ৷
সেই সপোন দিঠকত পৰিণত কৰাৰ উদ্দেশ্যে চতিয়াৰ বিধায়কগৰাকীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে জীয়া ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম ৷ চতিয়াৰ এই পামখন হাঁহ, কুকুৰা, পলু আদিৰ লগতে মৌ পালনৰ জৰিয়তেও ৰাইজৰ মাজত জনপ্ৰিয় হৈছে পৰিছে ৷ এই কন্যাকা পামত কেৱল মৌ পালন কৰাই নহয়, মৌ পালনৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰা হয় (Beekeeping can be self reliant by cultivating)৷
জীয়া ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ এগৰাকী সদস্য বিজয় কটকীয়ে উল্লেখ কৰা অনুসৰি, এমাহত ৯৭ বাকচ মৌৰ পৰা কন্যাকা পামে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৬ লাখতকৈও অধিক টকা (Kanyaka farm in Sootea)৷