বিশ্বনাথ, 4 মাৰ্চ :হাতত এটা কেমেৰা লৈ বিহালীৰ বিভিন্ন জলাশয়ত ঘূৰি ফুৰি থকা এগৰাকী যুৱক হৈছে বিহালীৰ বেদেতীৰ প্ৰণয় মহন্ত । আচলতে তেওঁ পঢ়াৰ মাজতে পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত বিগত এটা বছৰে প্ৰচেষ্টা চলাই গৈছে (Bihali youth works on birds preservation) । কাৰণ পক্ষী মানেই প্ৰকৃতিৰ অনন্য অনবদ্য উপহাৰ ৷ পক্ষীৰ কুকিল কাকলিত সাৰ পায় পৃথিৱীয়ে ৷ ৰঙা-নীলা, বগা-হালধীয়া, ক'লা-ৰঙচুৱা ডেউকা কিম্বা পাখিৰ চৰাই চাবলৈ হেপাঁহনো কাৰ নজন্মে ৷
কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশ আৰু প্ৰয়োগৰ ফলত সৃষ্ট ব্যাপক পৰিৱেশ পৰিৱৰ্তনৰ বাবে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে প্ৰকৃতিৰ অনবদ্য উপহাৰ চৰাই-চিৰিকটি ৷ মূলত পৰিৱেশৰ ভাৰাসাম্যহীনতা আৰু মানৱ জাতিৰ দায়বদ্ধহীনতাৰ ফলত পৃথিৱী ক্ৰমাৎ পক্ষীকুলবিহীনলৈ পৰ্যৱসিত হ'বলৈ ধৰিছে ৷ যিটো প্ৰকৃতিৰ ভাৰাসাম্যতাৰ বাবেও গভীৰ উদ্বেগজনক বিষয় ৷ যিসময়ত সমগ্ৰ বিশ্বতে পৰিৱেশ বিজ্ঞানী মহলে পক্ষী সংৰক্ষণ আৰু সংবৰ্ধনৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰি আহিছে, সেই সময়তে বিহালী সমষ্টিৰ বেদেতী পথাৰৰ জলৰাশিত আৱিষ্কাৰ হৈছে দেশী-বিদেশী প্ৰায় ৮০ বিধ প্ৰজাতিৰ চৰাইৰ সমন্বয় সমাবোশ (foreign birds species discovered at Bedeti) ৷
বিশ্বনাথৰ বিহালী নাচবৰৰ প্ৰণয় মহন্ত নামৰ ছাত্ৰজনে বিগত এটা বছৰ ধৰি পক্ষীকুলৰ সম্পৰ্কে গৱেষণা চলোৱাৰ কালতে বিহালীৰ বেদেতী পথাৰত প্ৰায় ২০ বিধ বিদেশী শীতকালীন পৰিভ্ৰমী চৰাই চিনাক্ত কৰিবলৈ সক্ষম হৈছে । য'ত Grey Headed, Lapwing (Japan), Ruddy shell duck (Europe), Citrine wagtail (North Siberia), White Wagtails (Europe), Siberian stonechatLittle ringed plovver (Europe) ইত্যাদি বিভিন্ন ৰঙ-বিৰঙৰ চৰাইৰ সমাগমৰ তথ্য ধৰা পৰিছে ৷ ইমানেই নহয়, এই জলৰাশিত দুষ্প্ৰাপ্য বৰটোকোলা, মাছৰোকা, চাকৈচকোৱা, কণামুচৰি,পানীকাউৰী, শামুকভঙা বগলীকে আদি কৰি বহু প্ৰজাতিৰ চৰাইৰ উমলাস্থলী আৰু বসবাসৰ কেন্দ্ৰত পৰিণত হৈ পৰিছে (Bedeti become breeding ground of birds) ৷