ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ - Sotea news
গুৰুজনাৰ সৃষ্টিৰাজি ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাৰ অভিযোগ তুলি সংবাদমেলৰ জৰিয়তে দেশ তথা বিদেশত ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শনক তীব্ৰ সমালোচনা জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা সমিতিৰ ৷

ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ
চতিয়া, 17 ছেপ্টেম্বৰঃ বিগত সময়ত জামুগুৰিহাটৰ এটি সাংস্কৃতিক সংগঠনে ৰাজ্যৰ বাহিৰত ভাওনা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰাৰ উপৰিও বিদেশত বিশ্ববাসীৰ সুবিধাৰ্থে ইংৰাজী ভাষাত ভাওনা প্ৰদৰ্শন কৰাৰ যো-জা কৰা হৈছিল ৷ কিন্তু সন্থাটোৰ একাংশ শিল্পীয়ে ইংৰাজীত ভাওনা প্ৰদৰ্শন কৰাৰ নামত ভাওনাৰ সকলো নীতি-নিয়মক জঞ্জালি দি মঞ্চস্থ কৰাৰ অভিযোগ লাভ কৰি বাৰেচহৰীয়া ভাওনা সমিতিয়ে নিজাববীয়াকৈ যোৱা সোমবাৰে এখন সভাৰ আয়োজন কৰে ৷ সমিতিয়ে ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাৰ সন্দৰ্ভত আক্ষেপ ব্যক্ত কৰে ৷
ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাটো সহ্য কৰা নহ'বঃ বাৰেচহৰীয়া ভাওনা সমিতিৰ