অসম

assam

ETV Bharat / state

দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত - baik recver at kohima

অসমৰ পৰা দুটা বছৰ পূৰ্ৱে চোৰ হোৱা বাইক উদ্ধাৰ কহিমাত ৷ ২০১৮ চনতে বিশ্বনাথৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত:সহযোগী অধ্যাপক অমৰজ্যোতি বৰঠাকুৰৰ ঘৰৰ পৰা চুৰি হৈছিল এখন ৰয়েল এণ্ডফিল মটৰ চাইকেল খন ।

দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত
দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত

By

Published : Dec 22, 2020, 5:37 PM IST

বিশ্বনাথ, ২২ ডিচেম্বৰঃ২০১৮ চনতে বিশ্বনাথৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত:সহযোগী অধ্যাপক অমৰজ্যোতি বৰঠাকুৰৰ ঘৰৰ পৰা চুৰি হৈছিল এখন ৰয়েল এণ্ডফিল মটৰ চাইকেল । এই সন্দৰ্ভত অধ্যাপক গৰাকীয়ে বিশ্বনাথ আৰক্ষী থানাত এটা গোচৰ দিছিল যদিও কোনো ধৰণৰ সু-ফল পোৱা নাছিল আৰক্ষীয়ে । কিন্তু যোৱা ২৫ নবেম্বৰত হঠাৎ অধ্যাপক গৰাকীৰ মবাইলত এক মেছেজ আহে । য'ত লিখা আছিল আপোনাৰ মটৰচাইকেলখন চাৰ্ভিচিং কৰোৱাৰ বাবদ ইমান টকা আপুনি আমাক দিব লাগে আৰু আপুনি আপোনাৰ মটৰ চাইকেলখন ইমান বজাত লৈ যাব পাৰিব । সেই মেছেজ অহাৰ লগে লগে অধ্যাপক গৰাকীয়ে বিশ্বনাথৰ এণ্ডফিল ডিলাৰৰ লগত কথা বতৰা পাতি জানিবলৈ সক্ষম হ'ল যে, তেওঁৰ মটৰ চাইকেলখন কহিমাত আছে আৰু সেই মটৰ চাইকেলখন কহিমাৰে B.H.Recare নামৰ এখন ৰয়েল এণ্ডফিল ডিলাৰত চাৰ্ভিচিং কৰিবলৈ দিয়া হৈছে । অধ্যাপক গৰাকীয় এই খবৰ বিশ্বনাথৰ সদৰ ডি এছ পি মোজাফৰ হুছেইনক জনাই যদিও ডি এছ পি গৰাকীয়ে কহিমাৰ ডিলাৰটোৰ লগত যোগাযোগ কৰি গম পায় যে, ডিলাৰ কৰ্তৃপক্ষই ইতিমধ্যে মটৰ চাইকেলখন ডেলীভাৰি দিলে।

দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত
কিন্তু ডি এছ পি মুজাফৰ হুছেইনে এই মটৰ চাইকেলখন কহিমাত থকা খবৰ পায় কহিমা আৰক্ষীৰ সৈতে যোগাযোগ কৰে । যাৰ ফলত কহিমা আৰক্ষীয়ে যোৱা ১৮ ডিচেম্বৰ তাৰিখে জনাই যে মটৰ চাইকেলখন কহিমাৰে এটা স্থানত পোৱা গৈছে । সেই মৰ্মেই বিশ্বনাথৰ সদৰ ডিএছপি গৰাকীয়ে এটা আৰক্ষীৰ দল কহিমালৈ পঠিয়াই চুৰি হোৱা মটৰ চাইকেলখন উভতাই আনিবলৈ সক্ষম হয় । যাৰ বাবে বিশ্বনাথৰ সদৰ ডিএছপি মিজাফৰ হুছেইন আৰু বিশ্বনাথ আৰক্ষী থনাক ধন্যবাদ জ্ঞাপন কৰে অধ্যাপক অমৰজ্যোতি বৰঠাকুৰৰ লগতে বিশ্বনাথৰ বহু লোকে ।
দুটা বছৰ পূৰ্বে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ ক'হিমাত

ABOUT THE AUTHOR

...view details