অসম

assam

ETV Bharat / state

কৰ’ণাক লৈ বিশ্বনাথৰ বাগিছাসমূহত সজাগতা সভা

বিশ্বনাথৰ গ্ৰীণ "আছিয়ানা ৱেলফেয়াৰ চ'চাইটি"ৰ উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থা সহযোগত শ্ৰমিকৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ ৷ বিশ্বনাথৰ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ'চাইটিৰ উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থা সহযোগত লোৱা হয় এই সজাগতা কাৰ্যসূচী ৷

By

Published : May 19, 2021, 8:29 PM IST

কৰ’ণাক লৈ বিশ্বনাথৰ বাগিছাসমূহত সজাগতা সভা
কৰ’ণাক লৈ বিশ্বনাথৰ বাগিছাসমূহত সজাগতা সভা

বিশ্বনাথ ১৯ মে':বিশ্বনাথ জিলাতো ভয়ানকভাৱে আৰম্ভ হৈছে কৰ‘ণাৰ গণ সংক্ৰমণ ৷ বিশেষকৈ বিশ্বনাথ জিলাৰ বাগিছা সমূহতো কৰ’ণাৰ সংক্ৰমণ হোৱাত তৎপৰ হৈ পৰিছে চৰকাৰৰ লগতে বে-চৰকাৰী সংন্থাসমূহ ৷

বিশ্বনাথ জিলাৰ গ্ৰীণ "আছিয়ানা ৱেলফেয়াৰ চ'চাইটি"ৰ উদ্যোগত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সহযোগত বুধবাৰে মোনাবাৰী চাহ বাগিছাৰ বিহুপুখুৰী শাখাৰ বিভিন্ন কৰ্মস্থালীলৈ গৈ চাহ শ্ৰমিক সকলক মাজত সজাগতা সৃষ্টি প্ৰয়াস কৰা হয় ।‌

কৰ’ণাক লৈ বিশ্বনাথৰ বাগিছাসমূহত সজাগতা সভা

লগতে চাহ শ্ৰমিক সকলৰ মাজত মাক্স, চেনিটাইজাৰ আদি বিতৰণ কৰে চছাইটিৰ কৰ্মকৰ্তা সকলে । এই মহামাৰীৰ পৰা কি দৰে শ্ৰমিক সকলক সজাগ আৰু সচেতন কৰিব পাৰি তাৰ ওপৰত চাহ বাগিছাৰ পৰিচালক, কৰ্মচাৰী, চৰ্দাৰ আদিৰ লগতো আলোচনা কৰে গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ছ’চাইটিৰ কৰ্মকৰ্তাসকলে ৷

উক্ত সজাগতা সময়ত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সদস্য লৱ কুমাৰ ভূঞা, বিশ্বনাথ জিলা সমিতিৰ অমিত তচা, বিমল দ্বীপ, আনন্দ গোৱালা, ঘনশ্যাম চুণ্ডী, ৰবীন তচা, ৰাজেশ গুপ্তা, জগদ চুণ্ডী, ৰাম চুণ্ডী, কমল মাহাৰ, চাহ মজদুৰ সংঘৰ সম্পাদক বুবুল ওৰাং,‌ ভাতৃ প্ৰতীম সত্য হাজৰিকা ৷

লগতে পঢ়ক :নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে

ABOUT THE AUTHOR

...view details