বিশ্বনাথ, 26 জুলাই : যোৱা তিনিটা দশকৰ ভিতৰত সৰ্ববৃহৎ বানত কক্ বকাবলগীয়া হৈছে ৰাজ্যবাসী ৷ এই পৰ্যন্ত বানত ডুবি আৰু ভূমিস্খলনৰ ঘটনাত প্ৰাণ গৈছে অৰ্ধ-শতাধিক লোকৰ ৷ ৰাজ্যৰ 33 খন জিলাৰ ভিতৰত 32 খনতেই প্ৰলয়ংকাৰী বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷
বিশ্বনাথত অব্যাহত ভয়ংকৰ গৰাখহনীয়া - গঢ়া খহনীয়া
বিশ্বনাথত এতিয়াও অব্যাহত ভয়ংকৰ গৰাখহনীয়া ৷ ব্ৰহ্মপুত্ৰৰ সোঁতে খহাই নিছে বিশ্বনাথৰ পানপুৰ-কুমলীয়া সংযোগী মথাউৰি ৷
মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতৰ ফলত ৰাজ্যৰ বহু অঞ্চলত এতিয়াও অব্যাহত আছে ভয়ংকৰ গৰাখহনীয়া ৷ বৃহস্পতিবাৰে নিশা প্ৰায় দুই বজাত বিশ্বনাথৰ পানপুৰ - কুমলীয়া সংযোগী মথাউৰিৰ ভয়ংকৰ গৰাখহনীয়া হোৱাৰ ফলত আতংকিত হৈ পৰে কুমলীয়াবাসী ৰাইজ ৷ প্ৰাণৰ মমতাত ঘৰৰ সকলো বয় - বস্তু ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে আতংকিত ৰাইজে ৷
অঞ্চলটোৰ ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক মথাউৰিটো মেৰামতিৰ বাবে অনুৰোধ জনোৱাৰ পাছতো আজি পৰ্যন্ত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। ৷ ফলত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷