অসম

assam

ETV Bharat / state

বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি

শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা আৰু অন্যান্য বিভিন্ন সমস্যা সমাধানৰ দাবীত ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিশ্বনাথ আৰু বিহালী শাখাই ।

বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Feb 13, 2021, 10:37 AM IST

বিশ্বনাথ,১৩ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ । তাৰ সমান্তৰালকৈ তৎপৰ হৈছে দল-সংগঠনসমূহো । দীৰ্ঘদিন ধৰি দল-সংগঠনসমূহৰ দাবীসমূহ পুৰণ নকৰাত এতিয়া ইটোৰ পাছত সিটো জনগোষ্ঠীয় সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ।

অসমৰ চাহ শ্ৰমিকসকলৰ সমস্যাসমূহ আজিপৰ্যন্ত চৰকাৰে সমাধান নকৰাত বিগত দিনসমূহত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছা, আটছা, আদিবাসী সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।

শুকুৰবাৰে বিশ্বনাথ মহকুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ আৰু বিহালী শাখাৰ যৌথ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা আৰু আন বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চক্ৰ বিষয়াৰ কাৰ্যালয় উত্তাল কৰি তোলে ৷

বিশ্বনাথত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকল আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবী আজিপৰ্যন্ত মানি লোৱা নাই । সেয়ে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবী জনাই এইসকল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ

ABOUT THE AUTHOR

...view details