বিহালী, 28 আগষ্ট :অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্ছা)ই ৰাজ্য চাহ বাগিছাই-বাগিছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সেই প্ৰতিবাদৰ অংশ হিচাপে বিহালী সমষ্টিৰ বিহালী শাখা সমিতিৰ অন্তৰ্গত প্ৰাথমিক গোটৰ সমূহৰ উদ্যোগতো চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । বৃহস্পতিবাৰে পূৱা 11বজাৰ পৰা ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী বিহালী মিজিকাজান চাহ বাগিচা,মোনাবাৰি চাহ বাগিছা,বাঘমাৰি,বৰগাং ৰঙাগৰ,জিনজিয়া আৰু কলাপানি চাহ বাগিচাত আটছা সদস্যই 2 ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে ।
সংগঠনটো দাবী চাহ শ্ৰমিকৰ দেওবাৰৰ ছুটি,দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা,বাগিচাৰ চিকিৎসালয়ত উন্নত মানদণ্ডৰ ঔষধ যোগান ধৰা,বিহালী সমষ্টিৰ প্ৰতিখন চাহ বাগিচাত এটিএমৰ ব্যৱস্থা কৰা,আৰু স্থানীয় শিক্ষিত যুৱক-যুৱতী সকলক কৰ্ম সংস্থাপন দিয়া আৰু কেইবাটাও সমস্যা সমাধানৰ দাবীত বাগিচাৰ কৰ্তৃপক্ষৰ জৰিয়তে চৰকাৰলৈ একোখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ।