অসম

assam

By

Published : Jan 10, 2021, 11:54 AM IST

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যৰ বিৰোধিতা আটছাৰ

কাজিৰঙা কৰ্তৃপক্ষক ৰাজহ বিভাগে ভূমি হস্তান্তৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা আটছাৰ । কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰীৰ ম্যাদী পট্টা নং ১ৰ বাসিন্দাসকলক উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে কাজিৰঙা আটছাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ

বিশ্বনাথ, ৯ জানুৱাৰী: কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চল তথা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰীৰ ম্যাদী পট্টা নং ১ৰ বাসিন্দাসকলক উচ্ছেদ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকগৰাকীৰ বিৰুদ্ধে । ঘটনাৰ বিৱৰণী মতে, ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া বিশ্বনাথ আৰু হালধিবাৰীৰ একাংশ থলুৱা ভূমি পুত্ৰৰ ম্যাদী পট্টাৰ ভূমি, য'ত অসমীয়া লোকে ব্যৱসায় কৰি অহাৰ লগতে আন দহজন অসমীয়াৰ পৰিয়াল পোহ পাল দি জীৱন নিৰাপত্তা প্ৰদান কৰি আহিছে তেনে সময়তে একাংশ পৰিয়ালক বিভিন্ন অজুহাত দেখুৱাই ষড়যন্ত্ৰ মূলকভাৱে উচ্ছেদ কৰিবলৈ উঠি পৰি লাগিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । ক্ষয়-ক্ষতি নিদিয়াকৈ ম‍্যাদী পট্টাৰ মাটিত উচ্ছেদ চলোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বন বিভাগে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় আৰু পঞ্চম সংযোজন এলেকাৰ সম্প্ৰসাৰিত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৰাজহ বিভাগে আনুষ্ঠানিকভাৱে অৰ্পণ কৰা ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰৰ দাঁতিকাষৰীয়া অঞ্চল হালধীবাৰী আৰু বিশ্বনাথতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে কাজিৰঙা আটছাই ।

গ্ৰীণ আচিয়ানা ধাবাৰ ভূমি সংৰক্ষণৰ বাবে পকী বেৰ নিৰ্মাণ

শেহতীয়াকৈ ২০০৭ চনতে গ্ৰীণ আচিয়ানা ধাবাই নিজৰ ম্যাদী পট্টাৰ ভূমি সংৰক্ষণৰ বাবে এখন পকী বেৰ নিৰ্মাণ কৰিছিল । তাৰ ওপৰতো চকু পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ । ইমানেই নহয়, অলপতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ এটা দলে ১নং হালধিবাৰীৰ গ্ৰীণ আছিয়ানা ধাবাৰ ম্যাদী পট্টাৰ ভূমিত প্ৰৱেশ কৰি বহু পৰিমাণৰ সা-সম্পত্তি নষ্ট কৰাৰ লগতে উক্ত ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চমজাবলৈ হুংকাৰ দিয়ে । ইয়াৰোপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধীবাৰী আৰু বিশ্বনাথ ঘাটৰ ম্যাদী পট্টাৰ ভূমি ৰাজহ বিভাগে বন বিভাগক গতাবলৈ বিভিন্ন কৌশল ৰচনা কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ এনে কাৰ্যক গৰিহণা দি কাজিৰঙা আটছাই কয় যে যদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সন্মানমূলকভাৱে ভূমি বিচাৰে তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া ৰাইজে স-সন্মানেৰে দিবলৈ সাজু আছে ; কিন্তু ন্যায়ালয়ে বান্ধি দিয়া নীতি-নিয়ম অনুসৰি সকলো ক্ষয় ক্ষতি ভুক্তভোগীক দিয়াৰ পাছতহে ৰাজহ বিভাগ বা বন বিভাগে উক্ত ভুমি উচ্চেদ কৰিব পাৰিব ।

উল্লেখযোগ্য যে ২০০৭ চনতেই গ্ৰীণ আছিয়ানা ধাবাৰ চৌহদত নিৰ্মাণ কৰা পকী বেৰ ২০২১ চনত কাজিৰঙাৰ সঞ্চালকে হস্তী প্ৰকল্প বুলি ষড়যন্ত্ৰমূলকভাৱে ঘোষণা কৰাত বন বিভাগ আৰু বোকাখাত ৰাজহ বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আটাছাৰ লগতে বিভিন্ন দল সংগঠন । মন কৰিবলগীয়া যে, গ্ৰীণ আছিয়ানা ধাবাই ২০০৭ চনতেই নিজৰ ম্যাদী পট্টাৰ ভূমিত নিৰ্মাণ কৰা পকী বেৰৰ ওপৰিও সেই পকী বেৰৰ লাইনতে বহু লোকে পকী বেৰ যোৱা সপ্তাহতে নিৰ্মাণ কৰিছে যদিও সেই বেৰসমূহৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কোনো বাধা দিয়া বা নিৰ্দেশনা দিয়া পৰিলক্ষিত হোৱা নাই । কিন্তু দুৰ্ভাগ্যজনকভাৱে একমাত্ৰ গ্ৰীণ আছিয়ানা ধাবাৰ চৌহদৰ পকী বেৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই বাধা দিয়া কাৰ্যই আন এক ৰহস্যৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই একাংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া লোকক ব্যক্তিগতভাৱে আক্ৰমণ কৰা বন্ধ নকৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ তথা বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটছাই ।

লগতে পঢ়ক:মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ

ABOUT THE AUTHOR

...view details